স্মৃতিৰ সৰস্বতী পূজা আৰু আজিৰ ডিজিটেল ব্যস্ততা ~ মৌচুমী ভূঞা

Mousumi Bhuyan
0
এসময়ত সৰস্বতী পূজা মানেই আছিল এক পবিত্ৰ শিহৰণ। ৰাতিপুৱাই উঠি নিয়ৰসিক্ত দুবৰি গচকি ফুল তোলা, কিতাপ কেইখন আইৰ চৰণত দিয়াৰ সেই গভীৰ বিশ্বাস আৰু কলপাতত দিয়া গৰম খিচিৰিৰ সেই আমোলমোল গোন্ধ— এই সকলোবোৰ আছিল আমাৰ শৈশৱৰ আটাইতকৈ ধুনীয়া স্মৃতি। তাত কোনো কেমেৰাৰ ফ্লেছ নাছিল, আছিল মাথোঁ অন্তৰৰ ভক্তি।
কিন্তু আজি সময় সলনি হ’ল। পূজাৰ পবিত্ৰতা এতিয়া ম'বাইলৰ স্ক্ৰীণত আবদ্ধ। ছাত্ৰ-ছাত্ৰীৰ হাতত এতিয়া শৰাইৰ সলনি স্মাৰ্টফোন, ওঁঠত মন্ত্ৰৰ সলনি কেৱল 'পাৰফেক্ট চেলফি'ৰ বাবে প'জ। আমি ইমানেই ডিজিটেল ব্যস্ততাত মগ্ন হৈ পৰিছোঁ যে আইৰ শান্ত প্ৰতিমাখনিৰ চকুলৈ চাই চকু মুদি এষাৰ প্ৰাৰ্থনা কৰিবলৈকো যেন আমাৰ আজৰি নাই। যুগৰ পৰিৱৰ্তনৰ লগে লগে উৎসৱ পালনৰ ৰীতি সলনি হোৱাটো স্বাভাৱিক। কিন্তু আমি পাহৰি যোৱা উচিত নহয় যে সৰস্বতী পূজাৰ প্ৰকৃত উদ্দেশ্য হ’ল জ্ঞান আৰু বিদ্যাৰ সাধনা। আধুনিকতাৰ গ্ৰাসত পৰি যাতে আমাৰ পৰম্পৰা আৰু ভক্তিৰ মূল আধাৰটো হেৰাই নাযায়, তাৰ প্ৰতি লক্ষ্য ৰখা প্ৰতিগৰাকী শিক্ষাৰ্থীৰ কৰ্তব্য। কাৰণ , লাইক আৰু কমেণ্টে আমাক ক্ষন্তেকীয়া জনপ্ৰিয়তা দিব পাৰে, কিন্তু বিদ্যাৰ দেৱীৰ প্ৰতি থকা শ্ৰদ্ধাইহে আমাক প্ৰকৃত জ্ঞানৰ পথলৈ আগুৱাই নিব। আহক, আমি বাহ্যিক আড়ম্বৰৰ পৰা আঁতৰি আইৰ চৰণত পুনৰ এবাৰ নিভাজ মনেৰে আশীৰ্বাদ বিচাৰোঁ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)