১ জুন (ইংৰাজী: 1 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৫২তম (অধিবৰ্ষত ১৫৩তম) দিন। বছৰ শেষ হ'বলৈ ২১৩ দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১/ ১৯২৬ চনত এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু মডেল মেৰিলিন মন্ৰ'ৰ জন্ম।(মৃত্যু ০৪/০৮/১৯৬২)
২/ ১৯৩৬ চনত খ্যাতনামা চিত্ৰশিল্পী নীলপৱন বৰুৱাৰ জন্ম।
৩/১৯৮৫ চনত ভাৰতীয় আন্তৰ্জাতিক ক্ৰিকেটাৰ দীনেশ কাৰ্তিকৰ জন্ম।
৪/১৮৪২ চনত শিক্ষাবিদ ডেভিড হেয়াৰৰ মৃত্যু।
৫/১৯৬৮ চনত মাৰ্কিন মানৱতাবাদী, লেখিকা আৰু ৰাজনৈতিক কৰ্মী হেলেন কেলাৰৰ মৃত্যু । উদ্যমী বক্তা হিচাপে বিশ্ববিখ্যাত বিশেষভাৱে সক্ষম নাৰী। (জন্মঃ ২৭/০৬/১৮৮০)
৬/ ১৯৮১ চনত ভাৰতীয় অভিনেত্ৰী নাৰ্গিছ দত্তৰ মৃত্যু।
৭/ ১৯৯৬ চনত ভাৰতৰ ষষ্ঠ ৰাষ্ট্ৰপতি নীলম সঞ্জীৱ ৰেড্ডীৰ মৃত্যু।
৮/ ২০০৪ চনত অসমীয়া সাহিত্যক তথা গীতিকাৰ নিৰ্মলপ্ৰভা বৰদলৈৰ মৃত্যু।
৯/ আন্তঃৰাষ্ট্ৰীয় শিশু দিৱস।
১০/ বিশ্ব গাখীৰ দিৱস
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ