বাস্তবক হৃদয়ত গভীৰ উপলব্ধি
কল্পনাৰ মাধ্যমত চিন্তাৰ গঠনমূলক ৰূপ,
উভতাই আনিবলৈ নোৱাৰা প্ৰতীকিৰ অনুকৰণ।
নিমিলা অংকত বিষাদৰ কোলাহল
আশাৰ সপোনবোৰ অকাল বিয়োগ,
তৰংগ ভেদি শিথিল সমীকৰণ
অভিমানবোৰলৈ আক্ষেপ,
শূন্যতাৰ এলান্ধুবোৰৰ চৰিত্ৰ কিয় সলনি নহয়?
শৰতলৈ এখন পত্ৰ লিখিছোঁ
হাঁহিৰ মালিতা গাঁঠিবলৈ,
শেতা পৰা হৃদয়ত আকৌ থিতাপি ল'বানে!
জোনাকৰ প্ৰেমময় ছাঁ মেঘচ্ছন্ন কৰিবনে;
এঙেৰুবা কলিজাত ন্যায়ৰ আশা আজিও নিস্তেজ ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ