দিন যায় , ৰাতি আহে
শাৰী শাৰী
ইউক্লিপ্টাছ বোৰে
আজি
নিৰ্বাক নিশ্চল হৈ
নিজ উপমাৰে গায়
নিজ জয়গান
শূন্য আকাশত ।
অনিমন্ত্ৰিত ভাৱে
সান্ধ্য প্ৰান্তৰত
হঠাতে কানত পৰে
সন্ধিয়াৰ হেঙুলত
সদ্যস্নাতা জিলমিল
দিচাংৰ বেকাঁ সোঁতখিনিৰ
কোৰ্হাল।
ধুমুহাৰ ৰসেৰে সেমেকা
দুখনি ডেউকা
স্তব্ধতাৰ তপোভংগ কৰি
নিখিলত বিয়পিছে।
নৈশব্দৰ তালে তালে
অংকুৰ মেলিছে
সন্ধ্যাৰ সপোন ,
বেদনাৰ ঢৌ।
আৰু
পোৱা নোপোৱাৰ
গাণিতিক পৰিমাপত
ঘনে ঘনে কঁপি উঠে
হৃদয়ৰ অন্তকোণ ।
আৰু মই
সুদূৰৰ ঠিকনা বিচাৰি
ছাঁ পোহৰেৰে অজানা
দ্বীপান্তৰৰ ফালে
পাখি মেলি আগবাঢ়ো
হাড়-মাংসৰ পিঞ্জৰা ভাঙি
নীড় বিচৰা পক্ষীৰ
উপমাৰ সাজত।।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ