যোৰহাট কলেজৰ ছোৱালীজনী- প্ৰৱীণ ৰাজবংশী

 protibha phukon
0
প্ৰতিশ্ৰুতি আগৰ দৰে
এতিয়া নহয় সঁচা মানৱতাৰ দৰে
এসাগৰ মৰম আৰু আবেগে ভৰা
আছে এখনি হৃদয়
যোৰহাট কলেজৰ ছোৱালীজনী ৷

ভাল লাগে যেতিয়া
প্ৰতিশ্ৰুতিয়ে বিষাদৰ 
বৰষুণ জাকৰ স্বপ্নৰ 
কবিতাৰ প্ৰেমত মগ্ন হৈ
কবিতা লিখিবলৈ লয়
জাজৰি কলেজৰ ছোৱালীজনী ৷ 

আছে তাই সুকীয়া মাদকতা
কেতিয়াবা বিষাদৰ গাথাঁ
কেতিয়াবা আকৌ হাঁহিৰে
উপচি পৰা এসাগৰ অনুভৱ
যেতিয়া কবিতাৰ লিখিবলৈ লয়
যোৰহাট কলেজৰ ছোৱালীজনী ৷

কেতিয়াবা লগ পালে
পাতিম দিয়া কৃষ্ণচূড়াৰ
তলত বহি‌ জোনাকী দেশৰ
ৰসাল কবিতাৰ কথা 
ভাল লগাৰ পৰা ভাল পোৱালৈকে
যোৰহাট কলেজৰ ছোৱালীজনী(ৰাজ)৷।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)