বসন্তৰ আগমনত
কুলি কেতেকীৰ মাতত
ফাগুন ফাগুন লাগিছে গাত ।
গছে গছে মেলিছে
নতুন নতুন কুঁহিপাত
উতলা ফাগুনে কঁপাইছে
গোটেই সেউজী জগত।
আমে মলিয়ালে
কঠালে পেলালে মুচি
আই বসুন্ধৰা ৰজঃস্বলা এৰি
হৈ পৰিল একেবাৰে শুচি ।
বাটে-ঘাটে সৰাপাত
শিমলুৱে সলালে পাত
বা-মাৰুলিয়ে ধুঁৱলি-কুঁৱলী
কৰিছে গোটেই জগত ।
উতলা ফাগুনৰ বতৰত
ফাকুৱাৰ ঐ উৎসৱত
শিহঁৰণ উঠে মোৰ গাত
বলিয়া বলিয়া ভাৱ মনত।
পছোৱা বতাহত
মন মোৰ হৰষিত
এজাক বৰষুণ পৰিল
ধৰণি সজীৱ হৈ উঠিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ