বুকু বিন্ধি যোৱা কিছু অজান শব্দ,
এটা কোমল হৃদয়ৰ তপ্ত ৰঙা তেজে
উটুৱাই লৈ গ’ল কাহিনীৰ এক সাগৰ।
আত্মাৰ মাজত বন্দী কৰি সময়ে কঢ়িয়াইছে
মৃত্যুৰ দৰে এই যন্ত্ৰণাৰ দহন;
জীৱনে বাৰু কি দিব?
আৰু কি নো ল’বলৈ বাকী আছে?
সুধিবলৈ কোনো অনুতাপ নাই, নাই জানিবলৈ কোনো হেঁপাহ।
বুকুৰ তেজেৰে লিখা জীৱনৰ কাহিনীৰ
সেই কেইখিলামান বগা কাগজ—
শুনিবলৈকো এতিয়া কাৰো ধৈৰ্য নাই।
ভঙা সপোনৰ ডাল-পাতবোৰ
এই থকা-সৰকা হোৱা হৃদয়ৰ মাজত,
আশা, আকাংক্ষা আৰু অপেক্ষা— একোৱেই বাকী নাই;
আছে মাথোঁ নিস্তব্ধতা আৰু শূন্যতা।
সময় জানো কেতিয়াবা থমকিব?
আমাৰ উশাহৰ গতি সলাই
কোনোবা এক দূৰৈৰ দিনত,
কোনোবা এক নিৰ্জন পথত জানো ই ৰৈ যাব?
পলবোৰো যেন বৰ স্বাৰ্থপৰ;
কাৰো বাবে সিহঁতে বাট না চায়,
কাৰো বাবে সিহঁত নৰয়।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ