কেলেণ্ডাৰ -গীতালী দাস

Rinku Rajowar
0
আবেলিৰ আকাশক চুমা আঁকি
বেলিটোৰ বিদায় সম্ভাষণ।
শুক্লপক্ষৰ সন্ধ্যাত ;
আকাশত তেতিয়া কাঁচিজোনৰ 
স্বাগতম!!!

কোনোবা গৰখীয়াৰ এচাৰিৰ কোৱত
দামৰীৰ হেম্বেলনি,
সন্ধ্যাৰ নীৰৱতাক নেওচি;
বগলীজাকৰ উভতনি।

চাইকেলৰ কেৰিয়াৰ
কেৰেক্‌ কেৰেক্‌ শব্দক নতচাৎ কৰি
বাজিছে ৰিণি ৰিণিকৈ এটি সুৰ-
"কাউৰী গ'ল গধূলি হ'ল
আমাৰো ঘৰলৈ যাবলৈ হ'ল।"

গাওঁৰ ৰাস্তাটোৱে ৰূপ সলোৱাৰো
আজি প্ৰায় সাত বছৰে হ'ল।
এৰা!!!
"সময়ৰ কেলেণ্ডাৰ পুৰণি হ'ল।"

                     

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)