পিতাই অ'-চৈয়দা নজিফা মান্নান

Rinku Rajowar
0
মোক বিয়া দি উলিয়াই দিলি
জোৱাইলৈ দিলেও দিয়া
জমলৈ দিলেও দিয়া বুলি
মোৰ খবৰ এটা ল'বলৈ পাহৰিলি।

তোৰ মৰমৰ জী জনী
 কেনেকৈ আছো
এবাৰলৈও  নাভাবিলি।

তোৰ জোৱাই 
ৰাজপ্ৰসাদ সদৃশ ঘৰটোত 
সোণৰ অলংকাৰ ভৰা
মোৰ দেহটোৰ ভৰ মই 
ল'ব নোৱাৰিছো, অ' পিতাই 

মোৰ মুখত এটা ডাঙৰ তলা
আৰু নিসংগতাৰ বোজা লৈ
ভাগৰি পৰিছো অ' পিতাই। 

মোৰ চিত পখিলাৰ মনটো
উৰা মাৰে পিতাইৰ 
জুপুৰি টোলৈ।
মা আৰু তই কেনে আছ?

পিতাই অ'
 মই উৰিব বিচাৰো
নিজৰ ডেউকাৰ ওপৰত
ইয়াত চোন 
শিকলিৰে বন্ধা
পিঞ্জৰাটো।

পিঞ্জৰাত  লাগি
মোৰ হৃদয়ত 
ক'লা ক'লা দাগ লাগিছে 
অ' পিতাই 
 
মই  কুশলে আছো পিতাই ,
পাৰ যদি চাই যাবি এবাৰ
মোক নেদেখিলে
নাভাবিবি মই কষ্টত 
আছো বুলি।


তই অহাৰ উমান 
মোৰ হৃদয়ে আগতেই  দিব
মইহে পিঞ্জৰাৰ পৰা
যাব নোৱাৰিম চাগে
বেয়া নাপাবি অ' পিতাই 
তহঁতি কুশলে থাক পিতাই।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)