মা,অহাকালি সৰস্বতী পূজা। সেয়ে মোক অলপ টকাৰ প্ৰয়োজন হৈছিল। জীয়েকৰ কথা শুনি মাকে কিয় লাগে বুলি সুধিলে। জীয়েকে ক'লে পাৰ্লাৰ যাব লাগিব।
তেতিয়া মাকে তাইক সুধিলে সৰস্বতী পূজাৰ সময়ত পাৰ্লাৰত কি কাম? তাই ক'লে অলপ সাজি-কাছি যাম। নিউজ চেনেলো আহিব কলেজত সেইদিনা। কিবা বোলে সুন্দৰী প্ৰতিযোগিতা হ'ব।
মাকে আৰু এটা কথাও নকʼলে। কৈয়েই নো কি লাভ হ'ব? বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা-অৰ্চনা কৰাতকৈ সুন্দৰী প্ৰতিযোগিতাৰ ওপৰতহে গুৰুত্ব। আজিকালি সৰস্বতী পূজা ফেশ্বন শ্ব'লৈহে পৰিৱৰ্তন হৈছে। কোনো ভক্তি-ভাৱ নাই। কেৱল কৃত্ৰিম ভাৱে সুন্দৰী হোৱাৰ লালসা।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ