এতিয়া যাব লাগিব;
আজিৰ পৰা নিশা ষ্ট্ৰিট লাইটৰ পোহৰত
জিলিকিব পিশাচ-পিশাচ লগা
অকলশৰীয়া আত্মাবোৰ...
আমি আমাক লগ নোপোৱা
নতুন চহৰত থাকিম।
এই হাত,এই কান্ধ,এই বুকু
আমাৰ বুলি দাবী নকৰি
এইবোৰ ইয়াতে সোলোকাই থওঁ আহা।
আৰু সামৰি লওঁ আহা;
ৰৈ যোৱা অথবা ওলাই আহিব নোখোজা
বিৱশ শব্দবোৰ
অন্যথা ছটফটাই-ধৰফৰাই মৃত্যুবৰণ কৰা
শব্দবোৰৰ কাষত আমি কি বুলি
ক্ষমা বিচাৰিম,কোৱা...!
আমি যাব লাগিব;
সন্ধিয়া এই বাটেদিয়েই এজাক চৰাই উৰি গ'ল
সিহঁতৰ চহৰত বা কি হ'ল...!

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ