সিদিনা আছিল ২০২৪ ইংৰাজী বৰ্ষৰ আগষ্ট মাহৰ প্ৰথমটো দিন। পুৱাৰ প্ৰথমটো ৰেঙনীয়ে যেন মোক আন্ধাৰৰ পৰা মাত লগায়েই আছিল । এটা নতুন উদ্যম, নতুন সপোন । ক'বলৈ গ'লে নতুন এক অভিজ্ঞতাৰ দিশে অগ্ৰসৰ । সিদিনাৰ পুৱাটো মোৰ বাবে কিমান যে কাম্য আছিল । ফোনৰ এলাৰ্মত সাৰ পাই মুখত এটা স্বতঃস্ফুৰ্ত আনন্দৰ হাঁহি, সেয়া আছিল মোৰ হায়াৰ চেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পাছত নতুনকৈ কলেজলৈ অহাৰ উদ্যম, বিশেষকৈ হোষ্টেলত থাকি নানা অভিজ্ঞতা কঢ়িওৱাৰ । এমাহমান আগৰে পৰা তিনি চাৰিটা বেগত প্ৰয়োজনীয় সকলো সামৰি এটা নতুন উৎসাহ পুহি ৰখাৰ শেষৰটো দিন।
মা,দেউতা আৰু মামা আইতাৰ লগত সকলোবোৰ বস্তু গাড়ীত ভৰাই চাৰে আঠ মান বজাতেই বকুলতলিৰ নগৰখনত খোজ থলোঁ তৃতীয় বাৰ আৰু এক দীঘলীয়া সময়ৰ বাবে। ইয়াৰ আগত সমুখেৰে পাৰ হওঁতে চাই যাওঁ যদিও কাম নাথাকে কাৰণে অহা নহয়েই । প্ৰথমবাৰ খুৰীৰ লগত পৰীক্ষা সম্বন্ধীয় কামত আৰু দ্বিতীয় বাৰ নামভৰ্তিৰ কামতেই ইয়ালৈ অহা। প্ৰথমবাৰ আহোঁতে গোটেই কলেজখন দেখা নাছিলোঁ তথাপি দেখাখিনিলৈ চাই মনতে ভাবিছিলো কলেজৰ লগত মোৰ চাৰিবছৰীয়া ভৱিষ্যতৰ কথা।
যি হওক, ঘৰ এৰি কৰবাত থাকি পোৱাৰ অভিজ্ঞতা কাহানিও নাছিল মোৰ। তথাপিও মোৰ মনত ভয়ৰ চিন একেবাৰেই নাছিল,আৰু দুখৰো। মোৰ বোধেৰে মা দেউতাই হয়টো সেইদিনা আচৰিত হৈছিল নহ'লে মনতে ভাবিছিল কিজানি ভাবিব নোখোজা অলেখ কথা।
মা দেউতাৰ কাৰণে তেওঁলোকৰ সন্তান সদায় প্ৰিয়, লাগিলে সিহঁত চোৰ হওঁক বা ডকাইত। আমিতো তথাপি ঠিকেই নহয় জানো, ইমানতে এটা সন্তোষৰ হাঁহি মাৰিব নোৱাৰি নে...!! মা দেউতাই সিদিনা এবাৰো মোক চাই নাকান্দিলে আৰু মইও। যদিও ঘৰ এৰি অহা প্ৰথমটো দিন আছিল, কোনেও কাকো দুখ বোৰ দেখাব বিচৰা নাছিল। হয়তো মা দেউতাই লুকাই কন্দিছিল সিদিনা, হয়তো উভতি যাওঁতে তেওঁলোকেও কিবা এটা এৰি অহা যেন অনুভৱ কৰি গৈছিল।
বিশেষ দুখ কৰিব লগা বিষয়ও নাছিল কাৰণ মা আৰু আইতাই নিজেই আহি মোৰ হোষ্টেলৰ ৰোম চাই সাৰি-মচি দি থৈ গৈছিল, দেউতাই বিচনাৰ জোখ চাই তুলি আনি দিছিল, লগতে খাবলৈ অলপ নাস্তা । তাতোকৈ ভাল কথা হল ৰোমৰ লগৰী, তাইক চালে মোৰ খুৰী মাৰ ছোৱালীজনীলৈহে মনত পৰে, নিমাত,উদাৰ কিন্তু অকণ আজলী, কোনোবাই কিবা কৈ থৈ গ'লে কান্দি থাকিব, মোৰ দৰে মুখে মুখে যুঁজিবলৈ নাযায়। মইও আগত তেনেকুৱাই আছিলোঁ কিন্তু সমাজে সলনি কৰিলে আৰু বোধহয়। সিমানখিনি সলনি সকলোকে লাগেই, অইন নহলেও সমাজত চলিবলৈ।
উভতি যোৱাৰ পৰত আইতাই যাবলৈ অলপো ইচ্ছা দেখুওৱা নাছিল, কৈছিল " মোৰ ইয়াতেই থাকি ভাল লাগিছে দেখোন, যাবলৈ মনেই যোৱা নাই অকণো, মইও এনেকৈ আগতে হোষ্টেলত থাকি পঢ়িব পোৱা হলে..." হুঃ আইতাৰ যে মন, সঁচাকৈ ! সুবিধা পোৱা হলে চাগে বহুত কিবা কিবি কৰিলেহেঁতেন জীৱনত।
আশাবোৰৰ ভৰষাৰেই সিদিনা মোক নিৰ্ভয়ে এৰি হাঁহিমুখে ঘৰলৈ উভতিছিল। মাহঁতৰ আশা, ছোৱালীয়ে পঢ়ি শুনি ডাঙৰ কিবা এটা কৰিব। প্ৰথমতে মইও ভবা নাছিলোঁ যে মই ইমানখিনিলৈ সলনি হ'ব পাৰিম। স্কুলীয়া কালত দুই এক নম্বৰ নাপালে কান্দি পোৱা ছোৱালীয়ে আজি কিমান মাৰ্ক পালে পাছ কৰে তাৰ অনুসন্ধানত। নিজেই বুজিব পৰা নাই এইবোৰ সলনি কিহৰ ? আজি এটা বছৰ পাৰ হ'বৰে হ'ল। আজি পঢ়িম,কাইলৈ পঢ়িম। ক'বলৈ গ'লে সেই আজি আৰু কালিটো মোৰ কিতাপৰ কোনোটো পৃষ্ঠাতেই নোহোৱা হৈ পৰিল, নতুবা কৰবাত হেৰাই গ'ল। মই নিজকে কওঁ নেগেটিভ চিন্তা মোৰ হেনো নাহেই। কেতিয়াবা, ভাবিবলৈ লওঁ মা দেউতাৰ কথা, কিমান কষ্টত পালিছে....এইবোৰ মধ্যবিত্তসকলৰ বাবে প্ৰায়ে একেই । বুজি পোৱাত সমস্ত পাওঁ , তথাপিও নিজৰ হাতেৰেই নিজকে ধ্বংশ কৰি থকাৰ উদ্দেশ্য কি, ইয়াৰ পৰিণাম কি হ'ব, উপায় কি এনে নানান প্ৰশ্নই মোক কেইবাটাও নিশা উজাগৰে ৰাখিছে । যাৰ উত্তৰত শতাধিক প্ৰশ্নৰ বাহিৰে অন্য একো পোৱা নাই। নিজৰ ভুলবোৰ বুজিও হয়তো বুজা নাই, নতুবা চেষ্টা কৰা নাই ।
সেই আগষ্টৰ প্ৰথমটো দিনৰ পৰাই মোৰ জীৱনৰ নাওঁখন এটা বেলেগ দিশেৰেই গৈছিল। সেইটো মই তেতিয়াই বুজি উঠিছিলোঁ । হ'ব পাৰে মই শিকাত কিবা খেলি মেলি কৰিলোঁ। কিতাপবোৰে যেন মোক আজুৰি নি চুবাইহে পেলাব। আঁতৰি আঁতৰি ইমান দূৰ পালোঁগৈ যে উভতি অহাটো কঠিন...পিছে অসম্ভৱ নহয় । নিজৰ মতে জীৱনটোক উপভোগ কৰিবলৈ আৰম্ভ কৰিলোঁ, এটা নতুন দৃষ্টিভংগীত ।
সপ্তাহত এবাৰ ঘৰলৈ যোৱাটো দিনলিপিৰ এটা অংশ । মা-হঁতেও আমনি পায়, কাৰণ মোৰ স্বভাৱ,চৰিত্ৰ,ব্যৱহাৰ একো সলনি হ'বলৈ বাকী থকা নাছিল। এনেনো কোনে নিজৰ ছোৱালীক সপ্তাহত এবাৰ দেখাটোত আপত্তি কৰিব। ঘপককৈ হ'ব পৰা এনে পৰিবৰ্তনৰ উমান মাই কিজানি আগৰ পৰাই পাই থৈছিল, হোষ্টেল অহাৰ আগত মোৰ চটফটনি দেখি। মই কৰি যোৱা ভুলবোৰৰ প্ৰত্যুত্তৰত মাই কেৱল এটাই কৈছিল " যি কৰা কৰি যোৱা।" এই বক্যই মোৰ খঙৰ জুইত ঘিও ঢলাৰ কাম কৰিছিল। কিন্তু তেওঁতো ভুল নাছিল কেতিয়াও, এটা বিশ্বাস ৰাখিয়েই মায়ে মোক কোনোটো কামত বাধা নকৰে (ফুৰা-চকাৰ বাহিৰে)। তেনেক্ষেত্ৰত বিশ্বাস ৰাখিব পৰাটো প্ৰতিজন সন্তানৰ দায়িত্ব হ'ব। তথাপিও মোৰ অবাঞ্চিত চাল-চলনৰ পৰিবৰ্তনে অৱশ্যেই তেওঁলোকক আঘাত কৰিব।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ