কৰ্মফল-ৰাতুল চেতিয়া ফুকন

Rinku Rajowar
0
অৱশেষত মই নিজকে আবিস্কাৰ কৰিলোঁ 
এটা শামূকৰ খোলাৰ ভিতৰত।
পৃথিৱীৰ সকলো বিপৰ্যয়ৰ পৰা বাচি থকাৰ 
ভুৱা সান্তনা লৈ কুচিমুচি সোমাই আছোঁ ।
খোলাৰ পৰা ওলাই চালোঁ 
কেওফালে মৰুময় বালি চাপৰি 
মানুহবোৰে জাকপাতি দৌৰিছে 
পানী বিচাৰি সাগৰৰ ফালে।
পাছে পাছে সিহঁতক খেদি আহিছে 
এটা প্ৰকাণ্ড মৰুভূমিয়ে ।
জীৱন যাপনৰ সকলো বিলাসীতা 
উফৰি চিটিকি পৰিছে ভৰিৰ উজুটিত ।
ধুলি হৈ উৰিছে মানুহ নামৰ সমস্ত দম্ভ অহংকাৰ।
গীতা খন হাতত লৈ ভগৱানে কলে-
"এয়া তোমালোকৰ কৰ্মফল।"

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)