তগৰ শেৱালি ফুলাৰ সময়ত
দোকমোকালিতে নিয়ৰৰ
সতেজ টোপালে কঢ়িয়াই আনে
ন সূৰুজৰ হেঙুলীয়া পোহৰ
আশাৰ বতৰা স্বাগতম নৱবৰ্ষ ৷
নিয়ৰৰ কণিকা শব্দৰে
ভাল লগাৰ পৰা ভাল পোৱালৈ
সুখ-দুখ আশা নীৰৱতা
পোৱা নোপোৱাৰ স্মৃতি
এসাগৰ সঁচা মানৱতাৰ ঝংকাৰ
ন সুৰুজৰ সেউজীয়া হাঁহি
স্বাগতম নৱবৰ্ষ স্বাগতম নৱবৰ্ষ ৷
জীৱনৰ ন প্ৰভাততে
অনুভৱৰ শব্দৰে
উকা কাগজ এখিলাত
লিখি দিলোঁ নিভাঁজ ভাষাৰে
নতুন আশাৰে হেপাঁহৰ কবিতা
স্বাগতম জনাইছোঁ শুভ নৱবৰ্ষ ৷
সোণোৱালী আখৰে লিখিছোঁ
আদৰিছোঁ ন প্ৰভাতক
দোকমোকালিতে ৰ’দালিত বঢ়ি
স্বাগতম নৱবৰ্ষটিক
আহা সৱে মিলি আদৰো
স্বাগতম নৱবৰ্ষটিক
সঁচা মানৱতাৰ ভাষাৰে
সঁচা মানৱতাৰ সেউজীয়া শব্দৰে (ৰাজ)৷৷

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ