ছবি -সংগীতা গায়ন

Mousumi Bhuyan
0
নিষ্পেষিত জীৱনৰ ব্যৰ্থতাত তীক্ষ্ণ ৰ'দত
নিস্তব্ধ কাননৰ মাজত পেটৰ ক্ষুধাৰ তাড়নাত,
দৌৰিছে...!
মাথোঁ দৌৰিছে কংকাল সদৃশ শিশুটি 
ভোগ অঁকা ভোকত পেটৰ জুই নিবাৰ্য।

এটা সময়ত...,
অধমাংগ দ্ৰুত সঞ্চালন হৈ যোৱা শিশুটি
বসুমতীৰ কোলাত আঁঠু হোৱাত,
উত্তমাংগ মৃদা সাৱটি নিশ্চল হৈ পৰিল।

পুনশ্চ, 
ভাবোচ্ছ্বাস দুৰ্বল ,ভাবহীন,ক্ষমতাহীন  
ভোকৰ জুই হোৱা শৰীৰ
ঠিক...!
নীল আকাশৰ তলত বসুমতীৰ পৰা অলেখ নিলগত
শূন্যৰ পৰিধিত দুপাখি মেলি ঘূৰি ঘূৰি উৰি থকা
শগুনৰ তীক্ষ্ণ দৃষ্টিত ধৰা দিলে
কংকাল শিশুটি।

মানৱৰ কালিমা সনা আজি সমাজৰ দৃশ্যপটত
বসুমতীৰ কোলাত মৰণৰ হিংস্ৰতাই ।
কংকাল শিশুটিৰ নাড়ী-ভুঁৰুৰ ভোঁহ ছিঙি
গৃধ্ৰ ক্ষুধা আতৰাঁলে চিৰন্তন মানৱৰ জীৱন -যুঁজৰ
ভোকৰ ভোগ লুণ্ঠিত প্ৰতিচ্ছবি।

একবিংশ শতিকাৰ আজি সমাজৰ 
মানৱৰ কালৰ সোঁতত 
আত্মবিনাশ দস্তাবেজত ফটোগ্ৰাফাৰ'কেভিন কাটাৰে'
(দক্ষিণ আফ্ৰিকাৰ)
কেভিন কাৰ্টাৰ ডায়েৰীৰ কোনো বিশেষ স্থানত লিপিবদ্ধ আছিল,
সেই অভিশপ্ত দিনবোৰৰ দিনলিপি ।

নিটাল,নিস্তব্ধ কাননত আৰু কোনোকালে
খাদ্যৰ তাড়নাত দুৰ্ভিক্ষ নহওঁক ,
কোনো ব্যক্তিয়েই সৃষ্টি, স্থিতি, প্ৰলয়,হৈ
নিজতেই হেৰাই যোৱাৰ পৰিকল্পনাত
ভোক সিদ্ধ আখলৰ জুইত পেটৰ সন্তোষ লওক।
অভিশপ্ত,অন্ধ মানৱৰ অন্তৰত উদ্ভাসিত হৈ উঠক সোণোৱালী বেলিত জীৱন যাপনৰ বাটত 
জীৱন শিখাৰ এটি বাস্তৱ ছবি ।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)