নীলা খামৰৰ চিঠি - দীপাংকৰ শইকীয়া

Mousumi Bhuyan
0
প্ৰতি, 
      মৰমৰ নীলা 
                এতিয়া অসমখনক কাগজ কৰি প্ৰশান্ত মহাসাগৰৰ পানীখিনিক চিয়াহী কৰি সৰল গছডালক কলম কৰি তোমালৈ একলম ।

                এয়া উকা কাগজখন উলিয়াই লৈছো, তুলি লৈছো হাতত কলম, আধা লিখা কেইবাটাও নোকোৱা কাহিনী আছে ক'বলৈ ,বিচাৰিও কেতিয়াবা থমকি ৰওঁ। তোমাক নেদেখাকৈ থকা আজি এটা যুগ হ'ল। স্মৃতিবোৰ ধূলিময় যদিওঁ প্রথম প্ৰেমৰ অনুভৱে প্ৰতিটো ঋতুতে আকৌ এবাৰ বিন্ধি যায় গীতৰ হৃদয়ত।
 
                  কেনে আছা মৰম? আশা কৰোঁ তুমি ভালেই আছা , নেদেখা জনৰ কৃপাত মই ও ভালেই আছো । বহু দিন হল অ' তোমাক নেদেখা আজি তোমালৈ বৰকৈ মনত পৰিছে । চকু জুৰিয়েও নীৰৱে চকুলো টুকিছে।যান্ত্ৰিকতাৰ পৃথিৱীত নীলা খামৰ চিঠিবোৰ প্ৰায় হেৰাই গ'ল জানা ।এই যে Sms টো দিবলৈ মন নাযায় কেতিয়াবা । নীলা চিয়াহীৰ আবেগ ঢালি শুভেচ্ছা জনাবলৈ মন যায় আকৌ।
     
                       তুমিটো জানাই ফাগুন মোৰ কিমান প্ৰিয় , অৱশ্যে তোমাতকৈ বেছি নহয় ।কেতিয়াবা আকৌ আহিবাচোন পচোৱা জাকক লগত লৈ অ' পাহৰিছিলোৱেই লগত আকৌ তোমাৰ কদমফুলীয়া হাঁহিটো আনিবলৈ নাপাহৰিবা।হাজাৰ জনৰ মৰম পোৱাৰ পিছতো কোনোৱা বিশেষ এজনৰ মৰমৰ বাবে আমিবোৰ কিয় বলিয়া হওঁ বাৰু? তাতেই চাগে লুকাই আছে ভালপোৱাৰ মাদকতা। 

                           ভাল লগাবোৰেই যদি ভালপোৱা হ'লহেঁতেন, হৃদয়খন থমকি নৰ'লহেঁতেন কোনোবা নিদিষ্ট এজনৰ বাবে।পিছে হৃদয়খন বন্ধকত দিয়া নাই এতিয়াও ।তুমি আছা হৃদয়ৰ সেই বিশেষ কোণত ।সেইবাবেই থাকক দিয়া গতানুগতিক চিন্তা কিছু ব্যতিক্ৰম হোৱাৰ আশাৰে।   
                      তুমিটো জানায়ে সপোনৰ পিছত দৌৰি মই কিমান ভাল পাওঁ, যিয়েই নহওক সপোন আছে বাবেইটো মই জীয়াই আছো, নহ'লেটো জীৱনটো শেষ বুলিয়ে ধৰিলো। তুমিটো ভালকৈয়ে জানিছিলা যে বিশ্বাস নামৰ শব্দটোক নিৰ্ভৰ কৰিয়ে প্ৰেম নামৰ শব্দটোক আঁকোৱালি লৈছিলো। 'ভাল লগা' আৰু 'ভাল পোৱা'ৰ মাজত পাৰ্থক্য কি তুমি হয়তো বুজি নাপালা ! মই কৈছোঁ শুনা যেতিয়া এপাহ ফুলৰ সৌন্দৰ্য্য আমাৰ 'ভাল লাগে' তেতিয়া আমি ফুল পাহ ছিঙি আনোঁ........ কিন্তু যেতিয়া এপাহ ফুলৰ সৌন্দৰ্য্য 'ভাল পাওঁ' তেতিয়া আমি সেই ফুল গছজোপাৰ যত্ন লওঁ। অৰ্থাৎ ভাল লগাত কেৱল মোহ থাকে আৰু ভালপোৱাত মৰম শ্ৰদ্ধা আৰু সন্মান থাকে।
                      প্রেম আৰু মোহৰ মাজত এটি পার্থক্য আছে জানা। সেইটো হ'ল প্ৰেমৰ পৰা সদায় সৃষ্টি হয় কিন্তু মোহৰ পৰা সদায় ধ্বংসই হয়। মই চাগৈ কেতিয়াও তোমাৰ সেই ভালপোৱা মানুহজন হ'বই নোৱাৰিলোঁ !মই চাগৈ কেৱল তোমাৰ প্ৰয়োজনহে আছিলোঁ। ভাল লগাবোৰেই যদি সচাকৈয়ে ভালপোৱা হ'ল হেঁতেন আজিও মই একে ঠাইতে থমকি ৰ'ব লগা নহ'ল হেঁতেন।আজি ভাল লগাটো কাইলৈ ভাল নেলাগিব পাৰে। ভাল লগাটো হঠাৎ শেষ হৈ যায় বা ক্ষন্তেকৰ' কিন্তু ভালপোৱা তেনেকুৱা নহয়। ভাল পাবলে অলপ সময় লাগে কিন্তু চিৰদিনৰ কাৰনে থাকে..... যিদৰে চিৰদিনৰ বাবে ৰৈ গ'লা তুমি মোৰ হৃদয়ৰ কোনোবা কোণত।
                                       বুজিছা ত্যাগ কৰিবলৈ শিকিছো মই, সকলোবোৰ সপোনক হাঁহি হাঁহি বলিশালত তুলি দিবলৈ আজিকালি কুণ্ঠাবোধ নকৰো মই!! ভাল লগা ক্ষণবোৰক মৰিশালী কৰি, আনৰ সুখৰ বাবে নিজে চকুলোৰ সাগৰত সাঁতুৰিব শিকিছো মই। কিন্তু কিমান দিন , মই কেতিয়াবা ভাগৰি পৰো। নিজকেই বাৰে বাৰে হেৰুৱাইছো, আৰু প্ৰতিবাৰে সজাই তুলিছো নতুনকৈ, পুনৰাই...!।

                          বুজিছা মৰম জীৱনত বিশেষ বুলিবলৈ কিছুমান মানুহৰ প্ৰয়োজন, যাক আন কাৰোৰেই সৈতে ভাগ-বতোৱাৰা কৰাৰ প্ৰয়োজন নহয়... কেতিয়াও!
এই 'প্রিয়' শব্দটোলৈ অহেতুক ভয় এটা আছে জানা, প্রিয় বুলি স্বীকাৰ কৰিলেই যেন হেৰুৱাই দিম মানুহবোৰ... যেনেকৈ তোমাক হেৰুৱালো ।
পর্যায়ক্রমে হেৰুৱাই আহিছোঁ আপোন বুলি ভবা কিছুমান অবয়ৱ। এই যে অকণমান মৰমত পমি যাও আমি, বিশ্বাস কৰা , ইয়েই বহুত কন্দুৱায়...!!!!
             কিছুমান সম্পর্ক ভুৱা হয় বুজিছা , কিছুমান মৰম নকল হয়, প্রেম-ভালপোৱাই নহয় কেৱল, আন বহু সম্পর্কইও কন্দুৱায়...!
ভালে থাকিবা" বুলি কোৱাৰ পিছত আৰু একো কবলৈ সাহস নহ'ল! নহ'লে কলো হেতেন থাকি যোৱা তুমিও, ভালে থাকিম বুলি।।
  
                         বিশ্বাস কৰা খৰাঙত বাৰিষা নমাব পৰা শক্তি মোৰ নাছিল, কিন্তু জীৱনৰ কঠিন সময়ত ছাঁ টোৰ দৰে তোমাৰ কাষত থকাৰ প্রতিশ্রুতি আজীৱন আছে আৰু থাকিব। এয়াই  চাগৈ তোমাৰ প্ৰতি থকা মোৰ ভাল পোৱা ! কিন্তু তোমাৰ ভালপোৱা খিনিৰ হে যোগ্য মই নহ'লো .... 
     
                         তুমিযে কৈছিলা দ্বিতীয় প্ৰেম জানো সম্ভৱ! মই কৈছোঁ শুনা "কোনে কৈছে মানুহৰ জীৱনত দ্বিতীয় বাৰ প্ৰেম হব নোৱাৰে বুলি, অস্ত যোৱা বেলিৰ বেজাৰত জানো আকাশে নিজক ধ্বংস কৰে ? প্ৰথম প্ৰেম যদি আঘাত দ্বিতীয় প্ৰেম সেই আঘাতৰ উপশম। প্রথম প্রেম যদি চিৰস্মৰণীয় দ্বিতীয় প্ৰেম চিৰযুগমীয়া গতিকে প্রথম দ্বিতীয় বুলি একো নাই যিজনৰ লগত কথা পাতি তুমি প্রেমক অনুভৱ কৰিব পাৰিছা তেওঁৱেই তোমাৰ প্ৰথম ভালপোৱা। তুমিয়েই সুধিছিলা দ্বিতীয় প্ৰেম জানো সম্ভৱ। কিন্তু দ্বিতীয় প্ৰেম তোমাৰ বাবে সম্ভৱ হ'ল কেৱল নিজৰ ঠাইতে ৰৈ গ'লো মই ।

                   কি  হেৰাই গ'ল  সময় নে সময়ৰ বুকুত মোৰ ভাল লগাবোৰ...! সাধাৰণ জীৱন বুলিবলৈ যি লাগে সেইয়াওঁ চাগে নাই বর্তমান....! যি ঠাইৰ পৰা যাত্ৰা আৰম্ভ হয় সময়ে আকৌ তাতেই হৈ যায়হি।। কি কৰোঁ কি নকৰোঁ... চিনাকি ঠাইবোৰতে অচিনাকী পথ বোৰ....! বিভ্রান্ত লক্ষ্য নে বিভ্রান্ত সময়......? নাজানো....!! কি লাগে নো হাঁহিবলৈ....? হাঁহিব নাজানো বাবেই হাঁহিবোৰ হেৰাই গ'ল নেকি....? নে সময় বোৰেই অভিমানী....? নাজানো মই.....!! নে কবিতাবোৰ.....? যাৰ বাবে সকলো এৰিছিলো এতিয়া কি হল...!! সেই কবিতাবোৰেই চোন হেৰাই গ'ল।  তুমি জানো এতিয়া চহৰৰ চহকী নতুন প্ৰিয়জনৰ লগতে ব্যস্ত নহয় ? ভালে থাকা তোমালোক  । এতিয়া তোমাৰ প্ৰতি মোৰ অকনমানো আক্ষেপ নাই বিশ্বাস কৰা।
          
                আৱেগ অনুভূতি বুলিবলৈ এতিয়া মোৰ একোৱেই নাই ,আছে এখন ভগ্ন উকা হৃদয় তাতে সামৰি ৰাখিছোঁ তোমাক 
কি হ'ল....?
আচৰিত হৈছা....!!
কিয়নো আচৰিত নহ'বা...!!
তুমিয়েই জানো মাজ বাটতে মোক অকলে এৰি থৈ ৰং চোৱা নাই তথাপিও মই হতাশ হোৱা নাই 
হ'বও বিচৰা নাই এতিয়া  বলিয়া ফাগুন মোৰ প্ৰিয় প্ৰেয়সী।

                                        কিয় জানা....?
তুমি যে  তলসৰা কৃষ্ণচূড়া গছকি আগুৱাই যোৱাৰ সপোন দেখাইছিলা হাতে হাত ধৰি দূৰ দিগন্তলৈ খোজ দিয়াৰ তোমাৰ বাৰু মনত আছেনে মোৰ কিন্তু বাৰুকৈয়ে মনত আছে সেই  অভিশপ্ত স্মৃতিবোৰ সাঁচি ৰাখিছোঁ বৰপেৰাত কেতিয়াবা  মেলি চাব পাৰিম এৰি অহা দিনৰ অভিশপ্ত দস্তাবেজ হিচাপে।

                     আৰু নো কিমান জাপি দিম মোৰ মনৰ বেদনাবোৰ এই উকা কাগজখনৰ বুকুত। এইবোৰ যে কথা নহয় অসমাপিকা, হৃদয়ৰ মাজত সোমাই থকা অপ্রকাশিত অনুভৱ। তুমি বিহীনতাত যেন তোমাকেই সামৰি ৰাখিছোঁ বিগত বছৰবোৰত...
         তোমাক অতীত বুলি কেনেকৈনো কওঁ, তুমিতো আজিও প্রতিপল মোৰ বুকুত জীয়াই আছা। য'তেই আছা, মাথো তুমি কুশলে থাকিবা....।
     
                           তথাপি সাঁচি থৈছো স্নেহবোৰ যদি কেতিয়াবা লগ পাঁও উজাৰি দি থৈ আহিম গৈ তোমাৰ দুবাহুত।

                                যিদিনা তোমাৰ হিয়াত মোৰ অনুভৱে বকুল ফুলৰ দলিচা পাৰিব সেইদিনা মইও যাম তোমাৰ কাষলে। সৰা বকুলৰ ফুল বুটলি তোমাৰ নেঘেৰি খোপাত বকুলৰ মালা পিন্ধাবলে।
    
                             লেফাফাত বন্দী তোমাৰ হৃদয়ৰ প্রতিটো উন্মেষিত অনুভূতি চিৰকাল লৈ থাকিম বুকুত সাৱটি,বকুলজুপিৰ তলতে বাট চাই ৰম পথিকৰ ভিৰৰ মাজত তোমাৰ স্থিতি ,নেজানো উত্তৰ কেতিয়া আহিবা উভতি।
অমানিশাৰ তমসাত বলি হোৱা মোৰ কাব্যিক প্ৰতিশ্ৰুতিৰ দীপক এতিয়াও প্রজ্বলিত ঢিমিকি ঢিমিকি,হেৰাব ধৰা আশাবোৰে নিতৌ বিচাৰে ডাকোৱালে কঢ়িওঁৱা তোমাৰ ভাৱনাৰ প্রত্যুত্তৰে ভৰা নীলা খামৰ চিঠি।  বাৰু বাকী বোৰ বাদ দিয়া তুমি ভালপোৱা সোণাৰু জোপাও হালধীয়া হৈ পৰিছে, তুমি ফাগুনতে আকৌ আহিবা বুলি আগ্ৰহেৰে সোণাৰুৰ দলিচা সাঁজি তোমালৈ পদূলিত বাটে চাই ৰ'ম।
            
                            ইতি
         তোমাৰ হেৰাই যোৱা অতীত
                              

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)