"দৰিদ্ৰতাৰ আমানিশাবোৰ আৰু সুস্থ ব্যক্তিৰ চিন্তাবোৰ" - সংগীতা ৰয়

Mousumi Bhuyan
0
অমানিশাবোৰ কেতিয়াবা এনেকৈ নামি পৰে যেন মই হে আছিলোঁ তেওঁৰ বাবে, আন কোনোৱে নাই। এটাৰ পিছত এটাকৈ আহি মূৰৰ শীৰ্ষত বাঁহ বান্ধি লয়হি, নহ'লে আকৌ কেতিয়াবা খোজ দিব নোৱাৰাকৈ পথৰ কাষত ৰৈ থাকিবহি। জীৱনক লৈ সকলোৰে চিন্তা, চিন্তাও চিন্তা অনেক চিন্তা। চিন্তা কৰি কৰি হাহাকাৰ লাগি যায়, কিন্তু চিন্তাৰ সমাধানবোৰ দূৰতে ৰৈ যায়। এফালৰ পৰা গৈ থাকিলেও অমানিশাবোৰে বুজি নাপায়, বুকুৰ শিহৰণকাৰীৰ দৰে ঘপিয়াই দুটুকুৰা কৰি থৈ যায়।
হৃদয়ে বিচাৰে তোমাৰ সঁহাৰি, কিন্তু সেই যে পথৰ কাষত ৰৈ আছে অমানিশাবোৰ সিহঁত আঁতৰি যাবই নোখোজে দেখোন, মনৰ ভাৱনাক দোমোজাত পেলায় নিজক প্ৰতিষ্ঠা কৰি লয়, নাজানো কি পাই সিহঁতে, জীৱনৰ প্ৰতিটো দিশতে সিহঁতেই বেছি শীৰ্ষত থাকে।
 তাৰে এটা অংশ আমি গুৱাহাটীলৈ গৈ থাকোঁতে দেখিবলৈ পাইছিলো, "ষ্টেচনৰ কাষত সৰু সৰু ভঙা চিঙাৰে বাস কৰি থকা সেই সকলক, যি সকলৰ কোনো আক্ষেপ নাই"। জীৱনত যি পাইছে তাকে লৈ যেন সুখী অনুভৱ কৰিছে। আমি হয়টো তেওঁলোকতকৈ বহু গুণেই ভাল কৈ বসবাস কৰিছো। তথাপিও আমাৰ মনত আক্ষেপ থাকি ৰয়, আৰু অলপ মান সুখ পোৱা হ'লে, আৰু অলপ মান ধন সম্পত্তি মোৰ থকা হ'লে, এনেকুৱা ক্ষোভ আমাৰ থাকি যায়। কিন্তু তেওঁ লোকক যেতিয়া মই দেখিবলৈ পালোঁ, মোৰ চকু দুটা স্থিৰ হৈ পৰিল, এনেকুৱা দৃশ্য দেখিবলৈ পাম বুলি হয়টো ভবা নাছিলোঁ। কাৰোবাৰ মুখত হয়টো কেতিয়াবা শুনিবলৈ পাইছিলো, কিন্তু এনেকৈ দেখিবলৈ পোৱা নাছিলোঁ। 
আচলতে দুৰ্ভগীয়া কোন? তেওঁ লোকনে আমি?
নিজৰ হাত ভৰি থকাৰ পাছতো আমি কৈ ফুৰো আমাৰ একোৱে নাই বুলি, যি সকলৰ হাত নাই, ভৰি নাই, চকুৰে দেখা নাপায়, মুখেৰে কব নোৱাৰে, ভৰিৰে খোজ কাঢ়িব নোৱাৰে, তেওঁলোক তেতিয়া হ'লে কি বুলি ক'ব? তেওঁলোকক যদি আমি সুধিব যাওঁ, তেওঁলোকে আমাক কি বুলি ক'ব জানেনে- "মই ইয়াতেই বহুত সুখী অনুভৱ কৰোঁ"। মই ভগৱানৰ ওচৰত একো দাবী নকৰোঁ মোক কিয় এনেকৈ জন্ম দিলে বুলি! মই ইয়াতেই সুখী।
 আমি কিন্তু ভগৱানকে জগৰীয়া কৰি কম যে তেওঁ আমাক কি এনেকৈ জন্ম দিলে বুলি। তেওঁ লোকৰ ভবা শক্তি আৰু আমাৰ ভবাৰ শক্তিৰ মাজত যে বহুত পাৰ্থক্য আছে সেইটো আমি দেখিবলৈ পাওঁ, দেখি বুজিও আমি অবোজন হৈ ৰওঁ।
এই ধুনীয়া পৃথিৱীখনিত আমাৰ  
  আক্ষেপ আৰু ক্ষোভ সদায় যেন থাকি যাব। 
আমাৰ কি নাই? আমাৰটো সকলোবোৰেই আছে। থাকিব পৰাকৈ এটা ঘৰ আছে, কৰি খাব পৰাকৈ আমাৰ হাত ভৰি আছে, ক'তো যাতে খুন্দা খায় ঘূৰি ফুৰিব নালাগে তাৰ বাবে আমাৰ দেখিব পৰাকৈ চকুৰ দৃষ্টি আছে, মগজু আছে ভাল কথা চিন্তা কৰিবলৈ, এই সকলোবোৰ আছে, তথাপিও আমাৰ গোচৰ নকমে ভগৱানৰ ওচৰত।
ইমানবোৰ অমানিশাত সেই সকল লোকে জনম কটাইছে আৰু "আমি, আৰু অলপ মান পোৱা হ'লে"? এনেকুৱা কিছুমান কথা ভাবি থাকো। সেই সকলৰ দৃষ্টিৰে যদি আমি চাওঁ তেওঁ লোকৰ দৃষ্টিত আমি লুভীয়া, আমাৰ সকলোবোৰ থকাৰ পাছতো আৰু অলপ বেছি পোৱাটোলৈ আশা কৰোঁ। যি দিছে তাক লৈ আমি কেতিয়াও যেন সুখী অনুভৱ নকৰোঁ, কেৱল বেছিকৈ পোৱাটো আশা কৰি থাকো। জীৱনত সংগ্ৰাম কৰি থাকোতে যেতিয়া আমি পৰাস্ত হৈ ৰও তেতিয়াও আমি ভগৱানক দুখিবিলৈ এৰি নিদিওঁ। কষ্ট নকৰাকৈ আমি আমাৰ সমুখত বিচাৰোঁ আৰু যেতিয়া বিচৰাৰ মতে আমি নাপাওঁ তেতিয়া আৰু ক'বই নালাগে।
 যেতিয়া সৰু সৰু ল'ৰা ছোৱালীবোৰে মাকৰ পিঠিত, দেউতাকৰ পিঠিত নতুবা বায়েক বা ককায়েকৰ পিঠিত উঠি খাবলৈ অহাৰ বিচাৰি ফুৰে ট্ৰেইনৰ প্লেট ফৰ্মৰ কাষত, তেতিয়াৰ সেই দৃশ্যটো দেখিবলৈ যে হৃদয় বিদাৰক এটি দৃশ্য হৈ পৰে। সেই দৃশ্যটোৱে চকুত ভাঁহি থাকে। 
জীৱনত সঁচাকৈ, ইমানবোৰ বিৱৰণ আছে, তাক দেখি বা লিখিও আমি শেষ কৰিব নোৱাৰোঁ। আমাৰ মতামত আগবঢ়াইয়ো হয়টো শেষ কৰিব নোৱাৰোঁ। অমানিশাবোৰে যেতিয়া কাৰোবাক আৱৰি ৰাখে, সঁচাকৈ সেই সময়ৰ দৃশ্য আৰু সেই সময়ৰ অনুভৱ বিষয় হিচাপে লৈ গঢ় লৈ উঠে মনৰ মাজত।

  

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)