মোৰ মনটো ধীৰে ধীৰে শান্ত হয়
নোকোৱা কথাবোৰো
বুজি পোৱা যেন লাগে,
এটি নীৰৱ হাঁহিতেই হেৰাই যায়
সকলো দুখ আৰু কষ্ট।
তোমাৰ কথাবোৰো বৰ
ডাঙৰ নহয়
কিন্তু মোৰ হৃদয়খন ভৰাই তোলে।
তোমাৰ চকুত
মই দেখো বিশ্বাস
যিয়ে মোক শিকায়
ভয় নকৰাকৈ জীয়াই থাকিবলৈ।
তোমাৰ কাষত থকা
সময়টো বেলেগ হয়,
ঘড়ীৰ কাটাও যেন
লাহে লাহে খোজ দিয়ে।
তোমাৰ অনুভৱত
দুখো কোমল হয়
চকুৰ পানীৰ
আশাৰ ৰূপ লয়।
তোমাৰ স্পৰ্শত
মই শক্তি পাওঁ
নিজকে হেৰালেও
পুনৰ উঠি আহিবলৈ।
তোমাৰ হাঁহিত
মোৰ দুখ লাহে লাহে গ'লে
এটি সৰু চাৱনিয়ে
দিনটো আলোকিত কৰে।
তোমাৰ চকুৰ চাৱনিত
মই দেখো বৰষুণৰ আগমনী
য'ত বিষাদো থাকে
স্নিগ্ধ হৈ পৰে আশাৰ পানীত।
তোমাৰ অনুভৱত
মই ঘৰ পাওঁ,
য'ত শব্দৰ প্ৰয়োজন নাই
নীৰৱতাই যথেষ্ট।
তোমাৰ অনুভৱত
মই থাকিব বিচাৰোঁ
কাৰণ তোমাতেই
মোৰ মন শান্ত হয়।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ