১৮২২ ম'হগড় : মান সেনাক আগ ভেটি ধৰিছিল আহোম সেনাই। আহোম সেনাই প্ৰবল বিক্ৰমেৰে কৰা আক্ৰমণ আৰু হিলৈৰ গোলা বৰ্ষনত মান সেনাই থৰকাচুটি হেৰুৱাইছিল কিন্তু ঠিক তেনে সময়তে আহোম সেনাৰ খাৰ বাৰুদ শেষ হৈছিল। পিছে এজন যোদ্ধাই নিয়তিৰ ওচৰত হাৰ নামানি তৰোৱাল লৈ মানৰ ওপৰত জপিয়াই পৰিছিল আৰু বহু মান সেনাক হত্যা কৰিছিল ৷ তাকে দেখি মানে বৰটোপ মাৰি সেই বীৰ যোদ্ধাজনক হত্যা কৰিছিল । তেওঁ আছিল
ৰমজান খাঁ হিলৈধাৰী বৰুৱা ।
ৰমজান খাঁৰ পিতৃ হুচেইন খাঁয়ে আজীৱন আহোম ৰজাক সেৱা কৰি অৱসৰ গ্ৰহণ কৰিছিল। তেওঁৰে পুত্ৰ ৰমজান খাঁ আহোম সেনাত চুবেদাৰ হিচাপে অন্তৰ্ভুক্ত হৈছিল । হিলৈ চলোৱাত পাৰ্গত হোৱা হেতু তেওঁক হিলৈধাৰী বৰুৱালৈ পদোন্নতি দিছিল আহোম স্বৰ্গদেওয়ে।
গৰীয়া লোকসকলেই অসমৰ হিলৈধাৰী বাহিনী গঠন কৰিছিল আৰু তাৰ ৰণুৱাও হৈছিল ৷এই কথা প্ৰচলিত প্ৰবাদ সমুহে প্ৰমাণ কৰে৷ যেনে "গৰীয়া হিলৈদাৰী ,ক'ৰ পৰা আহিলা ? কেই জাঁই মাৰিলা পহঙী গঠিয়া৷" ( উৎস= ড° মোহিনীকুমাৰ শইকীয়াৰ "'অসমৰ সংস্কৃতিত ইছলামীয় প্ৰভাৱ৷")
সেই সময়ত আহোমসকলে যুদ্ধত ব্যবহাৰ কৰা হিলৈসমুহ গোলাঘাটৰ তৰাফাট আদি অঞ্চলৰ লোৰপৰা অসমীয়া কমাৰে নিৰ্মাণ কৰিছিল৷ পিছলৈ বৰটোপ , হিলৈত ব্যৱহাৰ হোৱা খাৰ তৈয়াৰ কৰিবলৈ খাৰখৰীয়া,গন্ধীয়া আদি খেলৰ মানুহৰ সংখ্যা হ্ৰাস পাই আহিছিল৷
ম'হগড় ৰণ আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ সেনা আৰু মানৰ মাজত ১৮২২ চনত হৈছিল। যোৰহাটৰ উত্তৰৰ ম'হগড় (বৰ্তমানৰ ককিলামুখ) নামে ঠাইত হোৱা বাবে এই যুদ্ধক ম'হগড় ৰণ বোলা হয়। আহোম ৰাজ্য ৰক্ষাৰ এইখনেই আছিল অন্তিমখন গুৰুত্বপূৰ্ণ ৰণ৷ যুদ্ধৰ ফলাফল অনুকুল হোৱাৰ সময়তে আহোম সেনাৰ খাৰ বাৰুদ ভাণ্ডাৰ উদং হৈ পৰিছিল৷ সেইসময়ত যদি আহোম সেনাই সময়মতে খাৰ বাৰুদৰ যোগান পোৱা হ'লে অসম বুৰঞ্জীত অন্য এক অধ্যায়ৰ সূচনা হ'লহেতেন৷
পৰাজয় নিশ্চিত বুলি জানিও ৰণথলীৰপৰা পিছ হুহুঁকি যোৱাৰ সলনি বীৰৰ দৰে যুজাঁৰ সিদ্ধান্ত লৈ ৰমজান খাঁ হিলৈধাৰী বৰুৱাই দি গৈছিল অসম প্ৰেমৰ অমূল্য নিদৰ্শন। মান সেনাৰ বিৰুদ্ধে ৰমজান খাঁ হিলৈধাৰী বৰুৱাই যি পৰাক্ৰমেৰে যুঁজ দিছিল সেই পৰাক্ৰমত অভিভূত হৈ আহোম ৰজা স্বৰ্গদেও চন্দ্ৰকান্ত সিংহই তেওঁৰ মৃতদেহ যুদ্ধক্ষেত্ৰৰ পৰা আনি সন্মান সহকাৰে নুমলীগড়ত কবৰস্থ কৰিছিল৷
ৰমজান হিলৈধাৰী বৰুৱাৰ বিষয়ে অসমৰ বিশিষ্ট সাংবাদিক অপূৰ্ব বল্লভ গোস্বামীয়ে সদৌ অসম গৰীয়া জাতীয় পৰিষদৰ মুখপত্ৰ চেংচাইৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যাত লিখা লিখা এটা প্ৰবন্ধত উল্লেখ কৰিছিল যে ৰমজান খাঁৰ বীৰত্বৰ তথ্য বুৰঞ্জীৰ পাতৰপৰা উদ্ধাৰ কৰিছিল গোলাঘাটৰ বিশিষ্ট শিক্ষাবিদ তথা প্ৰাচ্যবিদ ড° মোহিনী কুমাৰ শইকীয়া৷ প্ৰয়াত শইকীয়াদেৱৰ গৱেষণাপত্ৰত এই বিষয়ে উল্লেখ আছে বুলি গোস্বামী ডাঙৰীয়াৰপৰা আমি জানিব পাৰিছিলোঁ৷
বৰ্তমান নুমলীগড়ৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে ৰমজান খাঁ হিলৈধাৰী বৰুৱৰ সমাধি অৱহেলিত হৈ পৰি আছে৷
ড°নগেন শইকীয়াদেৱে তেওঁৰ "অসমৰ মানুহৰ ইতিহাস"ৰ ১২০ পৃষ্ঠাত উল্লেখ কৰিছে আহোম স্বৰ্গদেউসকলে যোগ্যতাক অধিক গুৰুত্ব দিছিল আৰু তাকে কৰোঁতে কোনো সম্প্ৰদায় বা ধৰ্ম বিচাৰ কৰা নাছিল৷
কিন্তু এতিয়া আৰু সেই দিন নাই৷ সময় পৰিৱৰ্তনৰ লগে লগে অসমৰ আকাশে বতাহে এক অচিন পৰিৱেশ বিৰাজ কৰিব লৈছে৷ কাৰণ আমাৰ সকলোৰে দৃষ্টিগোচৰ হৈছে যে সাম্প্ৰদায়িক মনোভাৱৰ এচাম তথাকথিত নতুন বুৰঞ্জীবিদ আৰু বিশেষ বিশেষ ৰাজনৈতিক দলৰ সদস্যই অসমৰ থলুৱা ইছলাম ধৰ্মীসকলে অসমীয়া জাতিলৈ আগবঢ়োৱা ঐতিহাসিক অৱদান সমুহ নৎস্যাৎ কৰাৰ চেষ্টা কৰি আহিছে ৷ উদাহৰণস্বৰূপে বাঘ হাজৰিকা কাল্পনিক চৰিত্ৰ বুলি শৰাইঘাটৰ যুদ্ধত গৰীয়াৰ অৱদান নাই বুলি কব বিচাৰিছে৷ থিক সেইদৰে অসমৰপৰা ভাৰতৰ সৰ্বোচ্চ সাংবিধানিক পদত অধিস্হিত হোৱা ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ফকৰুদ্দিন আলি আহমেদৰ অৱদানক তেখেত কেৱল গৰীয়া হোৱাৰ বাবেই চৰকাৰৰ লগতে অসমৰ জাতীয় দল সংগঠনসমুহে স্মৰণ কৰিবলৈ অসুবিধা পায়৷
আজিও বহুলোকে নাজানে ৰমজান খাঁ হিলৈধাৰী বৰুৱাৰ কথা ৷ জানিবলৈ কাৰো আগ্ৰহো নাই৷ আমাৰ অৱহেলা আৰু অমনোযোগিতাৰ বাবে ৰমজান খাঁ হিলৈধাৰী বৰুৱাৰ সমাধি কালৰ গৰ্ভত নিচিন্হ হৈ গলে ইতিহাসে আমাক ক্ষমা নকৰে৷
ড° মোহিনী কুমাৰ শইকীয়াৰ অনুৰোধত অপূৰ্ব বল্লভ গোস্বামীয়ে ৰমজান খাঁৰ বিষয়ে প্ৰচাৰ নকৰা হ'লে হয়তো এইজনা বীৰৰ স্মৃতিও বিলুপ্ত হৈ গলহেতেন৷ পিছে তথাপিও আমাৰ গাত কোনো চেতনা নাই ৷ ৰমজান খাঁৰ জৰাজীৰ্ণ সমাধিখনি অলপ চাফ চিকুন কৰিবলৈ কোনো দল, সংগঠন আগবাঢ়ি নাহে৷
সদৌ অসম গৰীয়া জাতীয় পৰিষদে ৰমজান খাঁ হিলৈধাৰী বৰুৱাৰ স্মৃতি ৰক্ষাৰ বাবে প্ৰতি দুই বছৰৰ মূৰে মূৰে ৰমজান খাঁ স্মৃতি বটাঁ প্ৰদান কৰি আহিছে৷ প্ৰথম বাৰ ২০২২চনত অপূৰ্ব বল্লভ গোস্বামীদেৱক এই বটাঁ প্ৰদান কৰা হৈছিল৷ ২০২৪ চনত এই বটাঁ প্ৰদান কৰা হৈছিল বিশিষ্ট জাতীয়তাবাদী নেতা , আহোম ৰয়েল চচাইটিৰ সভাপতি কমলা ৰাজকোঁৱৰদেৱক৷
নুমলীগড়ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱহেলিত অৱস্থাত থকা বীৰ শ্বহীদ ৰমজান খাঁ হিলৈধাৰী বৰুৱাৰ সমাধিস্থল উপযুক্ত ভাৱে সংৰক্ষণ হোৱা উচিত ।এই ক্ষেত্ৰত চৰকাৰ বা কোনো দল, সংগঠনলৈ আশা নকৰি আমি সাধাৰণ ৰাইজেই আগবাঢ়ি আহিব লাগিব৷

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ