জাতিৰ ,মাটিৰ ,আইনৰ ,আদালতৰ
ৰজাৰ ,প্ৰজাৰ ,নৈৰ ঘাটৰ আৰু বাটৰ,
বিচাৰক সকলোৰে আছে
ধৰ্মৰ ,কৰ্মৰ, জ্ঞানৰ ,প্ৰাণৰ
মেলৰ, খেলৰ, ৰঙৰ, জাতৰ
মুঠতে সকলোৰে বিচাৰক আছে।
ধনীৰ ধন জুখিবলৈ বিচাৰক আছে
গুণীৰ দোষ বিচাৰিবলৈ বিচাৰক আছে,
পাপীৰ পাপ ঢাকিবলৈ বিচাৰক আছে
মহন্তক দোষ দিবলৈ বিচাৰক আছে
মুঠতে সকলোৰে বিচাৰক আছে।
নাই নাই, ক'তো নাই;
নিজৰ বিচাৰ নিজে কৰা বিচাৰক।
ৰাজপথৰ মহিলাৰ পোচাকৰ বিচাৰকে
পাণদোকানৰ বেঞ্চত খালী জেপেৰে
গুটখা লৈ বহে,
ৰজাঘৰীয়াৰ ভাষণৰ বিচাৰকে
চাহদোকানত বাকীকৈ চাহেৰে আদ্দা মাৰে,
কোন কিমান ৰূপৱতী
কোন কিমান ভাগ্যৱতী,
কোন কিমান শক্তিশালী
কোন কিমান ক্ষমতাশালী।
কাৰ কিমান মাটি
কাৰ প্ৰেমিকৰ কি জাতি,
বাটে -ঘাটে, দোকানে- পোহাৰে অফিচে -আদালতে,
সকলোতে বিচাৰক আছে,
বিচাৰক লুকাই কেৱল সত্যৰ।
সত্যৰ বিচাৰ বৰ দীঘলীয়া
দীঘলীয়া হয় বিচাৰকৰ জীৱনতকৈ,
দীঘলীয়া হয় দোষীৰ জীৱনতকৈ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ