প্ৰতিচ্ছবি ~ অলকেশ খাটনিয়াৰ

Mousumi Bhuyan
0
মোক মোৰ প্ৰতিচ্ছবিটোৱে
প্ৰতিদিনে ইতিকিং কৰে
কিয় নাজানো?
কেৱল আয়নাৰ সমুখত
থিয় হৈ প্ৰতিটো ক্ষণত,
মাত্ৰ ইতিকিং কৰে।
নাজানো মোৰ প্ৰতি
কিয় এনে ব্যৱহাৰ?
কি শত্ৰুতা?
তাকো নাজানো,
মই হায়ৰাণ হৈছো।
সেয়ে হয়তো মই 
নিজেই সন্ধান
কৰিবলৈ বাধ্য হৈছো।
মোৰ প্ৰতিচ্ছবিৰ এনেকুৱা,
উদ্ভৱ আচৰণৰ 
কাৰণ বিচাৰি।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)