মুখা-শৰৎ ভৰালী

Rinku Rajowar
0
মুখাবোৰ ওলমি ৰয়
সভা , মেল , আড্ডা
আৰু সেই সৰল সমাজখনৰ ওপৰত ৷
ওপঙে শূণ্যত
মন গ’লেই পিন্ধি লয় মুখা
হোজা নিৰিহৰ কাষত ,
মুখাবোৰে ৰং সলাই
মোঁট সলাই ধৰণ-কৰণ
আৰু ক’লা-বগাৰ ৷
মুখাৰ আঁৰত থাকে
সঁচা-মিছা, কুটিল হিংসা
আৰু প্ৰতাৰণা ৷
মুখাই দেখুৱাই
এন্ধাৰৰ বাট
নজ্বলে কাহানিও আশাৰ সঞ্চাৰ ৷
মুখাই আকাৰ লয়
ৰজা, প্ৰজা আৰু ওখ চাউনিৰ ,
মুখাই কথা ক’লে
বৰসুঁতি নবয় ৷
মুখাৰ যান্ত্ৰনা নিৰৱে সহে
মুখাক নেদেখা
সেই কৰ্মঠ দৰিদ্ৰজনে ৷

   

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)