অনুৰাগ-জেৰী পেগু

Rinku Rajowar
0
তোমাৰ নাম এটি অগ্নিময় স্ফুলিঙ্গ,  
হৃদয়ৰ গভীৰত জ্বলি উঠা অজান অনল।  
নক্ষত্ৰৰ আলোকে স্পৰ্শ কৰোঁতে  
শিৰাত বীণাৰ সুৰ বাজে—  
অপাৰ্থিৱ সংগীত, নিস্তব্ধতাতো অবিৰত।  

তুমি নোহোৱা ক্ষণতো  
অন্তৰ্মনৰ কুঞ্জত তোমাৰ সৌৰভ ফুলে,  
শৰতৰ শেষ চন্দ্ৰিকাৰ দীপ্তিৰ দৰে  
মেঘৰ আঁৰত লুকাই থকা অমৰ আলোক।  

অনুৰাগ—  
তুমি সেই অন্ধকাৰ, য’ত প্ৰেমৰ প্ৰথম স্ফুৰণ,  
আৰু সেই উষা, য’ত জীৱন নতুনকৈ জাগে।  
মোৰ হৃদয় এতিয়া তোমাৰ নামৰ যজ্ঞশালা,  
প্ৰতিটো নিশ্বাসতে তোমাকেই আহ্বান কৰোঁ।  

অনুৰাগৰ অগ্নিতহে জন্ম হয়  
সেই অমৰ প্ৰেমৰ, যি কেতিয়াও নিম্নগামী নহয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)