পুৰঠ আত্মীয়তা
একেখনেই আকাশ!
গভীৰ,বহল আৰু কিঞ্চিৎ গোমা।
জীৱনৰ গতিত
সূঁতি সলনি হয়,
অথচ একেই থাকে খোজৰ পৰিক্ৰমা।
বতাহত উপঙি থাকে
এঙেৰুৱা ধূলিকণা
ৰ'দৰ আগফাল ক্ৰমশঃ অৱশ!
পাতৰ তৰপে তৰপে
শুকান প্ৰসহন
কাষতেই লেকেটা কঙাল
ফাগুনবোৰ শিমলু হৈ নুফুলে।
অথচ শিপাৰ সবল খামোচ
তোৰ সৈতে মোৰ উশাহৰ।
চিৰন্তৰে চুই থাকে
সেউজীয়া অনুভৱৰ দুটি পাৰ।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ