ঘটনাৱলী***
১৮৩০ - কলকতাৰ স্কটিছ চ্চাৰ্চ্চ কলেজ স্থাপিত হয়।
১৯৭৭ - কেন্দ্ৰত চৰকাৰ সলনি হোৱা বাবে ১৯৮০ চনলৈকে পদ্ম সন্মান প্ৰদান বন্ধ।
২০০৫ - পাকিস্তানৰ সিন্ধু প্ৰদেশত সংঘটিত ৰে'ল দুৰ্ঘটনাত ৩০০ লোক নিহত হয় আৰু ১০০০ তকৈও অধিক লোক আহত হয়।
২০১১ - মুম্বাইৰ তিনিটা স্থানত সন্ত্ৰাসবাদীয়ে ঘটোৱা বোমা বিস্ফোৰণত ২৬জন লোকৰ মৃত্যু হয় আৰু ১৩০জন লোক আহত হয়।
২০১২ - গুৱাহাটীত হোৱা যুৱতীৰ শালীনতা হানিৰ ঘটনাত দেশজুৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিভিন্ন দল সংগঠনে।
২০১২ - কৰ্ণাটকৰ মুখ্যমন্ত্ৰী ৰূপে জগদীশ চেট্টাৰে শপত গ্ৰহণ কৰে।
২০১২ - ছিৰিয়াৰ হামা চহৰত সেনাবাহিনীৰ আক্ৰমণত ২০০ তকৈও অধিক লোকৰ মৃত্যু হয়।
জন্ম**
১৭৯৩ - জন ক্লিয়াৰ, ইংৰাজ কবি।
১৯৩১ - বীণা ৰায়, ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী।
১৯৩৯ - প্ৰকাশ মেহৰা, ভাৰতীয় চলচ্চিত্ৰ জগতৰ এজন বিশিষ্ট প্ৰযোজক তথা পৰিচালক। (মৃত্যু - ২০০৯)।
১৯৫৯ - জাংদাও বডোচা, বড়ো ভাষাৰ চলচ্চিত্ৰ পৰিচালক, চিত্ৰগ্ৰহণকাৰী আৰু সম্পাদক।
১৯৪৪ - এৰন' ৰুবিক, হাঙ্গেৰীৰ স্থাপত্যবিদ আৰু অধ্য়াপক, ৰুবিক কিউবৰ উদ্ভাৱক।
১৯৯২ - কেশৰবাই কেৰকাৰ, ‘জয়পুৰ-আত্ৰৌলী ঘৰানা’ৰ এগৰাকী হিন্দুস্থানী শাস্ত্ৰীয় সঙ্গীত কণ্ঠশিল্পী।
মৃত্যু**
১৭৬২ - জেমছ ব্ৰডলী, পৃথিৱীৰ মেৰুদণ্ড ঘূৰ্ণনৰ (ইংঃ Nutation) আৱিষ্কাৰক।
১৮১২ - হেইনৰিখ লুই দা অৰেষ্ট, বিশিষ্ট জাৰ্মান জ্যোতিৰ্বিদ। নেপচুন গ্ৰহৰ সন্ধান পোৱা তেৱেঁই প্ৰথম ব্যক্তি।
১৯২১ - গেব্ৰিয়েল লিপমেন, ফৰাচী পদাৰ্থবিজ্ঞানী আৰু আৱিষ্কাৰক। তেওঁ ১৯০৮ চনত পদাৰ্থবিদ্যাৰ নোবেল বঁটা লাভ কৰিছিল।
১৯৯৫ - আশাপূৰ্ণা দেৱী, সাহিত্যিক, ভাৰতীয় জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম মহিলা।
২০২১ - যশপাল শৰ্মা, ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলুৱৈ।
দিৱস**
কাশ্মীৰ শ্বহীদ দিৱস (পাকিস্তান)।

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ