নহয় পুৰণিকলীয়া
লোৱা লোৱা ফোন নম্বৰ দিছোঁ
তোমাক
কেতিয়াবা মনত পৰিলে ফোন
কৰি খা খবৰ ল'বা
মোবাইল মাৰফৎ হ'লেও ঘৰ গাঁৱৰ
বা বাতৰি ক'বা
লোৱা লোৱা নম্বৰ দিছোঁ তোমাক
ভালকৈ সুৰক্ষিত কৰি ৰাখা
পিছত আকৌ ভুল নম্বৰ দিলে বুলি
নক'বা ।
নম্বৰ পালোঁ বুলি জধেমধে উঠা যাৰ
তাৰ ফটো বিলাক
মোবাইলত পঠাই নাথাকিবা ।
তুমিতো জানাই নহয় মই এতিয়া এজন
নীৰৱ সাধক
সাহিত্যৰ পথাৰখনত নতুনত্বৰ বীজ
সিঁচৰিত হৈ থকা
নৈতিকতা শিষ্টাচাৰ মানৱতা পাহৰি গৈ
ভ্ৰষ্টাচাৰ দুৰ্নীতিত লিপ্ত হোৱা
এচামৰ বিৰুদ্ধে
কবি সাহিত্যিক সকলৰ উদাক্ত কণ্ঠে
প্ৰতিবাদ জনোৱা
সৰ্বত্ৰ উদঙাই দিয়া ফোঁপোলা স্বৰূপৰ
কথা কবিতা পঢ়ি ভাল পাওঁ।
এতিয়া মই সম্পূৰ্ণ আধুনিক।
উঠি অহা সন্তানবোৰক উচ্চ শিক্ষিত কৰিবলৈ উদ্যত
আজিৰ সকলো অভিভাৱক
পিছে সন্তানে সংস্কাৰ শিকিব নোৱাৰি
ষাঠিৰ উৰ্ধত বৃদ্ধ পিতৃ মাতৃক বৃদ্ধাশ্ৰমত
থৈ অহাৰ পাছত
এবাৰো খা খৱৰ নোলোৱা কথা পঢ়ি
চকুলো ওলায় !
কি কৰিবা !কাক ক'বা !কোনে বুজিব?
কেনেকৈ বুজাবা?
এয়াই হ'ল মই আধুনিক হোৱাৰ বাস্তৱতা!

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ