শিখাৰ অপাৰেশ্যন সফল হোৱাৰ পিছত তেওঁলোকৰ হেৰাই যাব খোজা হাঁহিবোৰ যেন আকৌ ঘূৰি আহিল। বহুদিন অভিমানী বৰষুণজাকৰ অভিমানত ৰ'দালিয়ে হাঁহিবলৈ সুবিধাই পোৱা নাই। অপাৰেশ্যন কৰাৰ পিছত যিহেতু বেছি দিন হস্পিটেলত থাকিবলৈ নিদিয়ে সেইবাবে তাইক আজি ঘৰলৈ লৈ যোৱাৰ কথা। কিন্তু বাহিৰৰ বৰষুণজাক একেৰাহে দি থকা দেখি তেওঁলোকে অকণমান সময় অপেক্ষা কৰিছে। কিজানি অভিমানী বৰষুণজাকে অভিমান কৰিবলৈ এৰেই।
•••••• মা... ঘৰলৈ কেতিয়া যাম? মোৰ ভাল হৈ গ'ল দেখোন।আজি যাব নিদিয়ে নেকি? নহ'লে এটা কাম কৰিম মা! মই ঘৰলৈ যাওঁ বুলি ডক্টৰক কৈ দিম।কম যে মোৰ ভাল হৈ গ'ল এতিয়া মোক ঘৰলৈ যাবলৈ দিব দেই।
•••••• সেইবুলি কবিনে ভণ্টি।তয়ো যে আৰু।পাগলী জনী।
•••••• আজি ছুটী দিলেই আক তোক।
••••• তেনে ব'লা আক ঘৰলৈ যাওঁ।
•••••• খিৰিকীপিনে চাচোন ইমান বৰষুণ দিছে।
•••• দিয়ক আক একো নহয় দে মই ভালে পাইছোঁ।বৰষুণজাকে অভিমান কৰিছে।
•••••• এতিয়া পিছে তই নিজে খোজ কাঢ়ি যাবিনে? নে দাঙি নিব লাগিব।
••••• এহ দাদা। মইতো এতিয়া ভাল হৈ গ'লো। মইতো এতিয়া দৌৰিবও পাৰিম ।চাবা নেকি মই খোজ কাঢ়িম।
খোজ কাঢ়িবলৈ লওঁতেই শিখা পৰি যাব লৈছিল।বায়েকে তাইক ধৰি ৰখালে। এতিয়াও তাই সুস্থ হ'বলৈ কেইমাহমান লাগিব।যিহেতু তাই দুৰ্বল হৈ আছে। অপাৰেশ্যন হৈ গৈছে হে। আগৰ দৰে সুস্থ হ'বলৈ অকণমান সময় লাগিব।
••••• এইজনীও যে আৰু।খোজ কাঢ়িবি ৰহ কেইদিনমান।
•••••• মই পাৰিম বুলিহে কিবা।পৰি গৈছিলোঁ।
•••••• কান্দুৰী হ'ব এতিয়া ঘৰলৈ যোৱাৰ আগত কান্দিব নালাগে।
••••••• বৰষুণজাক এৰিছে।দৰৱ লোৱা হ'লনে? হ'ল যদি লাহে লাহে গৈ থাকোঁ।
•••••••• ৰব খুড়া মই চাই আহিছোঁ মাই কি কৰি আছে।লোৱা হৈছেনে নাই।তাইক চাই থাকিব।
শিখাৰ বায়েকে মাকৰ ওচৰলৈ গ'ল।শিখাই এইকেইদিনত লগ পোৱা সকলোকে যোৱাৰ আগত মাত এষাৰ দিলে।ঘৰলৈ যোৱাৰ ফূৰ্তিত তাই হাঁহি আছে।তাইক তেনেকৈ সুখী দেখি মাকহতেও ভাল পাইছে। তাইৰ ওঁঠত ইমান দিনৰ মূৰত হাঁহিটো দেখি তেওঁলোক সুখী হৈছে। হস্পিটেলত কৰিবলগীয়া সকলোবোৰ কাম কৰি তেওঁলোক ঘৰলৈ বুলি ওলাই আহিল।
আগলৈ.......

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ