ঘূৰি আহা অচিনাকী চৰাইজনী— দিপশিখা ৰাজকোঁৱৰ।

©Admin
1
বহুদিন পাৰ হৈ গ'ল আজি 
অচিনাকী চৰাইজনী মোৰ 
কাষৰ পৰা গুছি যোৱা 
অভিমানত নে আন কাৰণত 
সেয়াহে আজিলৈকে বুজি নাপালোঁ।
সপোনবোৰ এটা এটাকৈ মৰহি গ'ল 
অচিনাকী চৰাইজনীৰ অনুপস্থিতিত 
আকৌ নিঃসংগতাৰ প্ৰেয়সী হৈ 
অন্ধকাৰ প্ৰিয় কৰিবলৈ ল'লো
লাহে লাহে ভাল লগাবোৰৰ পৰা 
আঁতৰি নিজকে হেৰুৱাই পেলালো।
অভিমানী হৃদয়ে উচুপি পাৰ কৰা 
সময়বোৰো এতিয়া নিজান হৈ ৰ'ল 
পোহৰ বাটত কেণা লাগিল 
অভিমান কৰি গুছি গ'ল 
অচিনাকী চৰাইজনী ।
অকলে নিঃসংগ কৰি 
মাজবাটতে এৰি থৈ 
কোন বাটে গ'ল গমেই নাপালোঁ 
মোৰ ভুল কি আছিল সেয়াও 
এবাৰলৈও কৈ থৈ নগ'ল 
বিৰক্ত হ'ল হয়তো মোৰ 
যন্ত্ৰণাৰে ভৰা কথাবোৰ শুনি ।
জীৱন বাটত মাথোঁ উজুটি খালো 
কত সপোন, কিমান আশা আছিল 
কিমান শব্দ আছিল সজাবলৈ 
কিমান অনুভৱ আছিল ক'বলৈ 
সকলো এতিয়া স্মৃতিৰ পাতত।
সাহস গোটাই ক'ব বিচৰা কথাবোৰো
অভিমানী মনতেই থাকি গ'ল 
বহু কথাই শিকাইও কিয় ...
অকলে থাকিবলৈ শিকাই থৈ নগ'ল 
কিয় গুছি গ'ল অচিনাকী চৰাইজনী।
মনৰ কথা ব্যক্ত কৰি 
আকৌ এবাৰ উচুপিব মন গৈছে 
হৃদয়ত থূপ খাই থকা বিষাদবোৰ 
অচিনাকী চৰাইজনীৰ সৈতে 
ভাগবটোৱা কৰিব বিচাৰিছে 
অচিনাকী হৈয়ে গুছি গ'ল 
এবাৰো মনত নপৰেনে মোলৈ?
অচিনাকী চৰাইজনীয়ে কি 
মোক একেবাৰেই পাহৰি গ'ল
কিয় মোক বাধ্য কৰালে 
আন্ধাৰ কোঠালি প্ৰিয় কৰিবলৈ?
অচিনাকী চৰাইজনী তুমি ঘূৰি আহা 
এইবাৰ অচিনাকী হৈ নহয় 
মোৰ হৃদয়ৰ আপোন হৈ 
ঘূৰি আহা অচিনাকী চৰাইজনী।



Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment