হিন্দু শাস্ত্ৰ সমূহত উল্লেষিত সৃষ্টিৰ ৰচনাৰ ওপৰত পোৱা এটি চমু আভাসেৰে তাৰ বৰ্ণনা লেখাৰ প্ৰয়াসত - জ্যোতিষ্ক বৰুৱা

©Admin
0
সপ্তৰ্ষি বুলিলে বশিষ্ঠ,মৰিচি,পুলস্ত্য,পুলহ,অত্ৰি,অঙ্গিৰাআৰু ক্ৰটু ৷ মৰিচি হৈছে ব্ৰক্ষ্মাৰ স্কন্ধ দেশ অথবা কান্ধৰ পৰা আৰু  এই মহৰ্ষি মনৰ পৰা ঋষি কশ্যপৰ উৎপত্তি  হৈছিল ৷ অৰ্থাৎ মহৰ্ষি কশ্যপৰ পুত্ৰ মৰিচি সৃষ্টিকৰ্তা ব্ৰক্ষ্মাৰ নাতি ৷ মহা তেজস্বী ঋষি কশ্যপৰ অন্য এক নাম অৰিষ্টনেমী ৷ অন্যফালে সৃষ্টিকৰ্তা ব্ৰক্ষ্মাৰ শৰীৰৰ পৰা স্বামী-স্ত্ৰী হিচাপে  জন্ম লাভ কৰিছিল  স্বায়ম্ভুৱ মনু আৰু শতৰূপা ৷ কালক্ৰমত মনু আৰু শতৰূপাৰ পৰা আকুতি,প্ৰহুতি আৰু দেৱাহুতি নামেৰে তিনিগৰাকী কন্যাই জন্ম লাভ কৰিছিল ৷আৰু প্ৰিয়ব্ৰত আৰু উত্তানপাদ নামেৰে দুজন সন্তানে জন্ম গ্ৰহন কৰিছিল ৷ মনু আৰু শতৰূপাৰ কন্যা প্ৰহুতিৰ বিবাহ দক্ষৰাজৰ লগত বিবাহ কাৰ্য সম্পন্ন হয় ৷ দক্ষৰ ঔৰসে প্ৰহুতিৰ গৰ্ভে ষাঠি কন্যাই জন্ম লাভ কৰে ৷ ষাঠি গৰাকীৰ ভিতৰত আঠ গৰাকী ধৰ্মৰাজৰ লগত বিবাহ, এঘাৰ গৰাকী একাদশ ৰুদ্ৰৰ লগত,সতী নামৰ কন্যা শিৱৰ লগত,সাতাইশ গৰাকী কন্যা চন্দ্ৰ দেৱতাৰ লগত,তেৰগৰাকী কন্যা ঋষি কশ্যপৰ লগত ৷ এই কশ্যপ ঋষিৰ লগত বিৱাহ হো


১ৱা তেৰ গৰাকী কন্যাৰ বিষয়ে কিছু কথা জানো আহক ৷ 
ঋষি কশ্যপৰ পিতৃ মৰিচি সপ্ত ঋষিৰ ভিতৰত অন্যতম ৷
 হিন্দু শাস্ত্ৰ ব্ৰক্ষ্মবৈৱৰ্ত্ত পুৰাণৰ মতে ১৩ গৰাকী পত্নীৰ গৰ্ভত স্বামী কশ্যপৰ ঔৰসৰ পৰাই দানৱ,দৈত্য,
দেৱতা,গৰুৰ,নাগ,চৰাইৰ বংশধৰ সকলৰ জন্ম দি সৃষ্টিৰ বিকাশ সাধনত ঋষি কশ্যপে নিজৰ দায়িত্ব পালনত ব্ৰতী হৈছিল ৷ এই তেৰ গৰাকী কন্যা কোন কোন আছিল জানেনে  ??? অদিতি,দিতি,কদ্ৰু,বিনতা,সুৰভী অথবা  সৌৰভী,সৰমা,দনু,কাষ্ঠা,অৰিষ্টি,ইলা,
মুণি,ক্ৰোদ্ধবশা,তাম্ৰা,সুৰসা,তামা,পতঙ্গী আৰু যামিনী ৷
কশ্যপ আৰু অদিতিৰ গৰ্ভে দ্বাদশ অৰ্থাৎ বাৰজন পুত্ৰৰ জন্ম হয় ৷ এই সকল একেলগে  দ্বাদশ আদিত্য নামেৰে জনাজাত ৷ সেই সকল বিৱস্বান,অৰ্যমা,পুষা,ত্বষ্টা,সৱিতি,ভগ,
ধাতা,বিধাতা,বৰুণ,মিত্ৰ, ইন্দ্ৰ আৰু ত্ৰিবিক্ৰম অথবা ভগৱান বিষ্ণুৰ বামন অৱতাৰ ৷ অদিতিৰ পুত্ৰ সকলক দেৱতা বুলি কোৱা হয় ৷  তাৰে ভিতৰত বিৱস্বান মানে সূৰ্য্য দেৱতা ৷
তাৰেই ভিতৰত কশ্যপৰ পত্নী  দিতিৰ পুত্ৰ সকলক  হিন্দু শাস্ত্ৰ সমূহৰ আখ্যান অনুসৰি দৈত্য বুলি কোৱা হয় ৷ দিতিৰ গৰ্ভে হিৰণ্যকশিপু,হিৰণ্যাক্ষ দুই পুত্ৰ সিহিংকা  বা হোলিকা বা নৈঋত নামে খ্যাত কন্যাৰ জন্ম হৈছিল ৷
কশ্যপ পত্নীৰ কদ্ৰুৰ পৰা অনন্ত,বাসুকী,পদ্ম,তক্ষক, কালিয়,কৰ্কোটক,ঐৰাৱত,ধনঞ্জয় শম্ভু,শংখ,ধৃতৰাষ্ট্ৰ,দুৰ্দ্ধৰ্ষ,দুৰ্ম্মুখ,মহাপদ্ম,সংবৰণ,গোধামুখ আদি নাগৰ লগতে মনসা নামে নাগ কন্যাৰ জন্ম ৷
ঋষি কশ্যপ বিনতাৰ পৰা অৰুণ আৰু গৰুড় নামে দুই পক্ষী পুত্ৰ জন্ম ৷ এই গৰুড়েই বিষ্ণুৰ বাহন ৷
ঋষি পত্নী দনুৰ পৰা ৬১ জন পুত্ৰই শাস্ত্ৰ মতে দানৱৰ বংশ  ৷ এই সকলৰ ভিতৰত  দ্বিমুৰ্ধা,শম্বৰ,অৰিষ্ট,হয়গ্ৰীৱ,বিভাবসু,
অৰুণ,অনুতাপন,ধুম্ৰকেশ,বিৰুপাক্ষ,
দুৰ্জয়,অযযুৰ্মুখ,শঙ্কুশিৰা,কপিল,শঙ্কৰ,
একচক্ৰ,মহাবাহু,তাৰকাসুৰ,মহাবল,
স্বভাৰ্ণু,বৃষপৰ্বা,পলোম,বিপ্ৰচিতি আদি প্ৰধান ৷
ঋষি পত্নী অৰিষ্টাৰ গৰ্ভত গন্ধৰ্ব সকলৰ জন্ম ৷ 
 ঋষি পত্নী মুনিৰ পৰা অপ্সৰা সকলৰ জন্ম ৷
সুৰমাৰ পৰা গৰু,মহ আদিৰ জন্ম ৷
সৰমাৰ পৰা কুকুৰ শিয়ালৰ জন্ম ৷
কাষ্ঠাৰ পৰা ঘোঁৰা আদি জন্তুৰ জন্ম ৷
ইলাৰ পৰা বৃক্ষ,লতা আদি ৷ তাম্ৰাৰ পৰা  শেন ,চিলনী,ঈগলৰ দৰে চিকাৰী চৰাই ৷
তিমিৰ পৰা জলচৰ প্ৰাণী  ক্ৰোদ্ধবশাৰ পৰা  বিচা আদি বিষাক্ত প্ৰাণী ৷
পতঙ্গীৰ পৰা বিভিন্ন প্ৰজাতিৰ চৰাই জন্ম হৈছিল ৷ 
এনেদৰে ঋষি কশ্যপৰ ঔৰসত পত্নী সকলৰ গৰ্ভৰ পৰা সৃষ্টিৰ বিভিন্ন প্ৰাণী সৃষ্টি তথা উৎপত্তি স্থল বুলি হিন্দুৰ বিভিন্ন শাস্ত্ৰ সমূহত উল্লেখ আছে ৷ আৰু ঋষি কশ্যপৰ পৰাই সৃষ্টিৰ বিকাশৰ পাতনি বুলি শাস্ত্ৰ সমূহত সুন্দৰ বৰ্ণনা কৰিছে ৷

✍️ জ্যোতিষ্ক বৰুৱা
নামৰূপ/অসম ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)