শৰতবোৰ নামি আহিছিল
নঙলা কোবাই পদূলি মূৰত
সুগন্ধি এটি মাৰ্দকতা লৈ।
সৰা ফুল পাহেও মাত মাতিছিল
নিয়ৰ তিতা চুতালখনিত
খুজ পেলাই আলিন্গন মোক নকৰিবা,
ৰূপ কথা ৰসন সনা
তৰুণৰ বাটত ,
ভেঙুচালী বাৰ্তাজীৱিয়ে
হৃদয়স্পৰ্শী কৰিব নোৱাৰোঁ মই।
সময়ৰ বকিয়াইদি পাৰ হৈ যাব
পূৱাৰ বৰ্ষপূতি প্ৰতিটো সুভক্ষণ।
চন্দ্ৰতে গুপ্ত অপূৰ্ব সোৱাদ
শুভ্ৰতা দলিছাত উদিপ্ত হেঙুলী সৃষ্টি উদ্যান,
দীৰ্ঘলন্ঘী নোহোৱা অনুকৰণ
নিষ্ঠুৰ সময়,
যাবৰ বেলিকা অস্তৰাগৰ ৰেঙনী, কিম্বা কুমুদিনী হাঁহি।
স্পন্দন দুৰ্গতিৰ ক্ষণ এই প্ৰানোঞ্চল ৰনান্গন
জ্যোতিময় শৰত,
উন্মদনাৰ প্ৰগতিৰ বিদায়ৰৰ
বিশেষ ক্লান্ত পৰত।
✍️ৰঙিলী লইং
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ