মোৰ এটা সপোন আছিল - জয়ামণি শইকীয়া

©Admin
0
তেওঁৰ নাম আছিল মায়া । ৰূপে গুণে তাই আছিল সাইলাখ সৰস্বতী । মাক দেউতাক আৰু তাইৰ এটা ভায়েক আছিল। তাই এইবাৰ ডিগ্ৰী শেষ কৰিছে । গাঁওৰ সমাজ জানেই নহয় সকলোৱে ছোৱালী মানেই বিয়া দি এঘৰলৈ উলিয়াই দিব লাগে। ঘৰত তাই বিয়াৰ কথা ওলাবলৈ ধৰিলে তাই পিছে বিয়াত বহিব মন নাছিল, পঢ়ি শুনি তাই অধ্যাপিকা হোৱাৰ মন। হেঁপাহ বোৰ বুকুত বান্ধি ৰাখিছিল যদিও অসুকীয়া দেউতাকক তাই কব পৰা নাছিল যে দেউতা মোৰ পঢ়িব মন আছিল বুলি , আচলতে ঘৰৰ ডাঙৰ ছোৱালী বুলি তাই বহুত দায়িত্ব লৈছিল, কলেজ যায় আহি ঘৰৰ কাম বন কৰি টিউচন কৰে ।
  ঠিক তেনেকৈ দিনবোৰ পাৰ হৈছিল, টিউচনৰ পৰা অলপ দেৰিকৈ আহিলে গাঁওৰ এজন দুজনে তাইক দেখি হাঁহি সোধে , কত গৈছিলি ইমান দেৰিলৈকে , তাই উত্তৰ দিব নোখোজে যদিও কৈ উঠে টিউচন , অলপ দূৰ আগবাঢ়ি অহাৰ পিছত এটা বেভিচাৰি হাঁহি ,। তাই কিন্তু তেতিয়াও হাৰ মনা নাছিল , আৰু কোনোদিন জীৱনটোক লৈ প্ৰশ্নও উঠা নাছিল । 
 তাই ঘৰৰ কামৰ লগতে , টিউচন দেউতাৰ দায়িত মাক আৰু ভায়েককও পঢ়াই আছিল । সকলো কামতে আগভাগ লোৱা তাই  মাজে মাজে হতাশাৰ বতাহ যাকে নিস্তব্ধ কৰি তুলিছিল। 
ঘৰত বিয়াৰ কথা ওলাইছিল যদিও তাই আওকান কৰি ফুৰিছিল , গাঁওৰ দুই এজনে তো তাইক বৰ বেয়াকৈ কৈছিল , সেইমুহূৰ্ত তাই কান্দি অহাৰ বাদে যে একো উপায় নাছিল । চকুলো টুকি বুকুত এটা শিলে যেনেকৈ হেঁচা মাৰিলে লৰচৰ হ'ব নোৱাৰী ঠিক তাইও তেনেকৈ বোৱা মানুহৰ দৰে গুচি আহিছিল।
 এনেকৈ প্ৰায় 1 বছৰ পাৰ হল, টিউচন ঘৰৰ দায়িত্ব লোৱাৰ মাজতে তাই উচ্চ শিক্ষাৰ বাবে মন মেলিলে আৰু ওচৰৰে এখন বিশ্বদ্যালয়ত তাই নাম লগালে , 2 বছৰৰ পিছত তাই সুখ্যাঠিৰে পাছ কৰি ওলাই আহিল । 
তাই হেঁপাহ ,সপোন বোৰে যেন নকৈ ঠন ধৰি উঠিছে । উদ্যম হেঁপাহ বুকুত বান্ধি আজি তাই এগৰাকী সফল নাৰী । তাই এটা চৰকাৰী চাকৰি হ'ল। দেউতাকক তাই সুস্থ কৰি তুলিলে , ভায়েক আজি উচ্চ শিক্ষিত । 
 এসময়ত তাইক দেখিলে হহা মানুহবোৰে আজি তাইক দেখিলে আগতীয়াকৈ মাতিব খোজে, বিয়াৰ কথা পাতি থকা বোৰে আজি তাইক দেখি নিজৰ সন্তানক উদাহৰণ দিয়ে আগতে পঢ়ি শুনি তাইৰ দৰে কিবা এটা হৈ ল।
 সময় বোৰ বৰ আচৰিত নহয়নে, ধৈৰ্য , একাগ্ৰতা , মনত সাহস থাকিলে কি যে কৰিব নোৱাৰি 
আজি তাই এগৰাকী সফল, আৰু সাহসী ছোৱালী । 
জীয়াই থাকিবলৈ হ'লে আচলতে কিছুমান মুহূৰ্ত পাৰ কৰিবলগীয়া হয় যিবোৰ শুনিবলৈ বা মানি লবলৈ টান
আজি তাই সমান সুখী কোনো নহয় এসময়ত একো নথকা ঘৰ খনত আজি সকলো আছে । কাৰোবাৰ দুখৰ সমভাগি হব পৰাকৈ এখন অন্তৰ আৰু আনক সহায় কৰিব পৰাকৈ মনোবল । এনেকৈয়ে সুখেৰে দিনবোৰ পাৰ কৰিবলৈ ধৰিলে। 
        

✍️ জয়ামণি শইকীয়া

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)