মোলোক দেউৰ দশা -বিদ্যুৎ গগৈ

©Admin
0

গুৰুম্ গুৰুম্ শব্দৰে
      উৰা জাহাজ চলে
টিক্ টিক্ টিক্ কৈ
       ঘড়ীৰ কাটাৰ ঘূৰে।
ঘড়ীৰ কাটাৰ ঘূৰি ঘূৰি
      সময় আগ বাঢ়ি
মোলোক দেউ কামলৈ উলাল 
      পেদেল মাৰি মাৰি।

মোলোক দেউক আধাবাটতে
                বৰষুণে পালে
বৰষুণত টিতি বোৰি
                কামৰ জেগা পালে।

কামৰ জেগাত মোলোক দেউক
           নিদিয়ে সোমাবলৈ
মোলোক দেউ উভতি আহিল
           আকৌ ঘৰলৈ।

টিতি বোৰি মোলোক দেউ
        ঘৰ আহি পালে
ঘৰত ইফালে ঘৈনিয়েকৰ
         মহা গালি খালে।

আজিৰ দিন মোলোক দেউৰ
         দুখ দুখেৰে ভৰা
আমাৰ নিজৰ চৌপাশখন
         নিজে চাফা কৰা।

✍️বিদ্যুৎ গগৈ
কদম নভঙ্গনীয়া গাওঁ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)