লাৱণ্যময়ী সুদৃশ্য অসম,
তুমি আমাৰ জনমভূমি।
তোমাৰ কোলাতেই বিশ্ববিখ্যাত
সত্ৰীয়া সংস্কৃতিৰ জন্ম,
তোমাক প্ৰনামো আমি।
আহোম ৰজাৰ কীৰ্তি চিহ্ন আৰু
মোনাবাৰী চাহ বাগিচা,
প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰা।
পশ্চিমে সূৰ্য পাহাৰ, বিখ্যাত কীৰ্তন ঘৰ
প্ৰাচীন ভগ্নাৱশেষ আৰু শিলালিপিৰ সৈতে,
অনেক বস্ত্ৰৰ উৎপাদন স্থলী।
পূবে মাধৱদেৱৰ জন্ম স্থান
আৰু বিখ্যাত, এড়ী মুগাৰ ফাৰ্ম
জননী আই তুমি কʼত যে মহান।
সাতোখন ৰাষ্ট্ৰীয় উদ্যানেৰে ভৰপূৰ,
জননী আইৰ কোলাত
মনোমোহা প্ৰাকৃতিক পৰিৱেশ।
তোমাৰ বুকুতেই মহান শিল্পী,
আৰু বিজ্ঞানীৰ জন্ম
তুমি আমাৰ বিপুল বিধাতা।
প্ৰেমময়ী, স্নেহময়ী,কৰুনাময়ী নাৰী
ক'ত যে কষ্ট আই সহি আছা তুমি
দয়াশীলা আই, তুমি আমাৰ জনমভূমি।
✍️বিদ্যুৎ গগৈ
কদম নভঙ্গনীয়া গাওঁ
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ