নদী বোৱাই দে তোৰ সঞ্জীৱনী ধাৰা••ৰুণু দেৱী শৰ্মা

©Admin
0
নদী,তই ৰুষ্ট ন'হবি,
নদী বোৱাই দে,তোৰ সঞ্জীৱনী ধাৰা,
তোৰ শক্তি আজি দেখাই দে ওক
কাৰণ তোৰ বুকুতেই আজি জন্ম 
আমাৰ ।
শোৱনসিৰি পাৰ হৈ যেতিয়া আহিছিলি তই জীৱনৰ অশ্ৰুধাৰা বোৱাবলৈ 
পাৰিলি জানো সুধিব সমুদ্ৰৰ জলৰাশি!
পাৰিবিনে বোৱাব তোৰ ফল্গুধাৰা
লুইতৰ সিপাৰৰ সমুদ্ৰলৈ?
কৃষ্ণা, কাবেৰী,নৰ্মদা তাপ্তী, গোদাবৰী পাৰ হৈ তই পাৰিবিনে 
সিন্ধু, গঙ্গা , মেঘনা যমুনা বোৱাব?
পাৰিবিনে বোৱাব তই মিছিছিপি ভল্গাৰ পাৰলৈ? 
নদী ত ই জাননে বাৰু মই যে তোৰ আজন্ম প্ৰেমিক?
তোৰ বুকুতেই আজি জন্ম এই
(গছ-বন,লতা) আকাশ -বতাহ
প্ৰকৃতিৰ কি যে মনোৰম সেউজীয়া ধৰণী!
তেন্তে তই আজি ৰুষ্ট কিয় নদী?
তই য়েইতো হয় আজি নাৰীৰ দৰেই!
নাৰীও হ'ব পাৰে তোৰ দৰে
খৰস্ৰোতা,চিৰপ্ৰৱাহবান হৈ আছ
তই স্ৰোতস্বিনী হৈ!
তেজস্বিনী হৈ তই বোৱাই দে
তোৰ ফল্গুধাৰা, কিন্তু নাহিবি তই 
ধৰিত্ৰীত প্ৰলয় হৈ,তেজস্বিনী হৈ,
নদী বোৱাই দে তোৰ ফল্গুধাৰা 
কিন্তু নাহিবি তই ধৰিত্ৰীত প্ৰলয় হৈ, চহা খেতিয়কৰ তেজত গজা 
সপোন সমাধিস্থ কৰিবলৈ।
নদী তয়োতো আজি নাৰীৰ দৰেই ধাৱমান আইৰ বুকুত!
নাৰীৰ দৰেই জীৱনদায়িনী 
অন্নদায়িনী!
সেইহে মই তোৰ আজন্ম প্ৰেমিক 
দুখনি ডেউকাৰ উমত ঘুমতি যোৱা মানৱ শিশুৰ!
নদী, হ'ব পাৰ তই আগ্নেয়গিৰীৰ 
উদ্গীৰণ সমুদ্ৰৰ বুকুত!
নাৰীও হয় যদি কালীৰ 
সংহাৰ ধাৰণ,
কেনে সেই অসহ্য তাড়না
উন্মাদ আস্ফালন জীয়া কলৰৱ!
নদী বোৱাই দে তোৰ সঞ্জীৱনী ধাৰা,সামৰি কামৰূপ নাৰীৰশ দৰেই,
নাৰীৰ দৰেই যদি ডেউকাৰ উমত ,গজি উঠক এটি নতুন সপোন।
ধৰিত্ৰীৰ কোলাত শৃংখলিত মানৱ জীৱন,
নদী বোৱাই দে তোৰ সঞ্জীৱনী ধাৰা।।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)