হেঁপাহ••জুপিতৰা দাস

©Admin
0
স্মিতাই তাইৰ টিউচনৰ জমা কৰা পইচা কেইটা লৈ বজাৰলৈ বুলি ওলাল। প্ৰথমতে তাই মাকৰ বাবে লাগতিয়াল দৰৱ খিনি কিনি ল'লে। পূজা বুলি এইবাৰ মাক আৰু ভায়েকৰ বাবে তাই কাপোৰ কিনাৰ কথা ভাবিয়েই পইচা কেইটামান জমা কৰিছিল। দেউতাক নোহোৱাৰ পৰা ঘৰখন সমস্ত দায়িত্ব তাইৰ ওপৰতে। ৰুগীয়া মাকৰ দৰৱৰ পৰা ভায়েকৰ পঢ়া শুনালৈ। যোগ্যতা থাকিও চাকৰিৰ পৰা বঞ্চিত হৈ স্মিতাই এতিয়া চাকৰিৰ আশা বাদ দি ঘৰতেই টিউচন কৰে। স্মিতা গৈ এখন দোকানত সোমাল। মাক আৰু ভায়েকৰ বাবে কাপোৰ কিনি তাই ভাবিলে নিজৰ বাবেও তাই কিবা এটা ল'ব। তাইৰ চকু পৰিল নীলা ৰঙৰ চুৰিদাৰযোৰলৈ। কাপোৰযোৰ চুই চাই তাই দামটো সুধিলে। দোকানীজনে দামটো কোৱাৰ পিছত তাই কাপোৰযোৰ আকৌ এবাৰ লিৰিকি বিদাৰি চাই ক'লে "নাই দাদা নালাগে দিয়ক ইমান বেছি ভাল লগা নাই মই বেলেগত চাম আহিছোঁ" - এইবুলি তাই দোকানখনৰ পৰা ওলাই আহিল। বাহিৰলৈ আহি তাই নিজৰ হাতৰ মুঠিত থকা পইচাটোলৈ চালে আৰু এটি সেমেকা হাঁহিৰে নিজকে সান্তনা দিলে ইচ্ছামতে সকলো পাব নোৱাৰি!অহাবাৰ পইচা হ'লে নিশ্চয় তাই সেই কাপোৰযোৰ লৈ যাব...........!

        

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)