কাতি বিহুলৈ শুভেচ্ছাৰে••নাছিৰ আহমেদ

©Admin
0
পিতাই ঐ, তই  কোৱা কথাবোৰ
এতিয়া হে ঘুনুক ঘানাক কৈ মনত পৰিছে
তই যে কৈছিলি আহিনৰ পথাৰত
             সোণগুটি ধৰে, 
আৰু কাতি বিহুত শলিতা জ্বলাবলে`
 কিন্তু,  জানা পিতাই,  আমাৰ গাঁৱত
 পৰিৱৰ্ত্তনৰ বতাহ বাৰুকৈ বলিছে ।
মোৰ সমনীয়াহঁতে ইণ্ডিয়ান আইডিয়েল, 
গাভৰুহঁতে ৰেম্পত খোজ কঢ়াত ব্যস্ত, 
হেপ্পি নিউ ইয়েৰৰ অনৰ্গল কোঢ়ালত
  মাঘবিহু হেৰাই যোৱাৰ পথত ঃ 
বিলাতী মদৰ ৰঙীন নিচাত
 বলিউড-হলিউডৰ যেন  স্বপ্ন বিলাসী
 একো একোজন নায়ক-নায়িকা!                          পিতাই ঐ,  আজি হে   ভালকৈ চালোঁ      
 আহিনৰ পথাৰ খন তেনেই উকা
ঠিক আমাৰ আইৰ কপাল খনৰ  দৰে ; 
যি এগছি-দুগছি শইচ আছে
সাত-শতৰু পোকে কুটি কুটি গিলিছে
আমাৰ পথাৰ খনো দেখোন
 অজাত ফৰিঙে বন্ধকত নিছে
 আমি কোন খন পথাৰত শলিতা জ্বলাও ? 
পিতাই ঐ,  বাপতি সাহোন 
আমাৰ  কাতি বিহু দেখোন
            আৰু বেছি কঙালী হ`ল!!

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)