সৃষ্টিশীল সাহিত্যত কল্পনাৰ স্থান••ফাৰুকুদ্দিন আহমেদ 

©Admin
0
নিৰ্মাতাই যাক মৌলিকভাৱে আৰু একান্তভাৱে নিৰ্মাণ কৰে তাকে সৃজনীশীল বা সৃষ্টিশীল সাহিত্য বোলে। সাহিত্যৰ ক্ষেত্ৰত একেই কথা খাটে। যি সাহিত্য কৰ্ম সাহিত্যিকৰ একান্তভাৱে আপোন হাতৰ সৃষ্টি, সিয়েই সৃজনীমূলক বা সৃষ্টিশীল সাহিত্য। সংজ্ঞাৰ আধাৰত ক’ব পাৰি কল্পনা অথবা ভাবপ্ৰৱণতাৰ জৰিয়তে ব্যক্তিনিষ্ঠভাৱে লেখকৰ অভিজ্ঞতাক উপযুক্ত শব্দপুঞ্জৰ মাধ্যমেৰে প্ৰকাশ কৰা সাহিত্য কৰ্মই সৃষ্টিশীল সাহিত্য। আধুনিক সাহিত্যৰ কবিতা, নাটক, উপন্যাস, চুটিগল্প আদিক সৃষ্টিশীল সাহিত্য বোলে।

   সৃজনীমূলক সাহিত্যৰ বিষয়বস্তু বাস্তৱৰ প্ৰতিফলনহে, অনুকৰণ নহয়। যিকোনো সৃষ্টিশীল সাহিত্যৰ প্ৰধান নিবন্ধন মূলত চাৰিটা : বৌদ্ধিক, আনুভূতিক, কল্পনা লৌকিক আৰু শিল্প বুদ্ধি সংক্ৰান্ত। সৃষ্টিশীল সাহিত্যৰ বিভাগ প্ৰধানকৈ দুটা : অন্তৰ্মুখী বা অভিব্যক্তিমূলক আৰু আৰু বহিৰ্মুখী বা নৈব্যক্তিমূলক। প্ৰকৃতাৰ্থত সৃষ্টিশীল সাহিত্যৰ প্ৰধান বৈশিষ্ট্য সমূহ হʼল : ৰুচিবোধতা, লেখকৰ অভিজ্ঞতা, লেখকৰ ইচ্ছাশক্তি, পাঠকক আনন্দ দানৰ প্ৰচেষ্টা, প্ৰেৰণা আদিয়েই প্ৰধান।

    দৰাচলতে সৃষ্টিশীল সাহিত্যত কল্পনাৰ স্থান উল্লেখযোগ্য। কিয়নো কল্পনাৰ অবিহনে আমি সৃষ্টিশীল সাহিত্যৰ কথা ভাবিব নোৱাৰোঁ। কোনো ঘটনা-পৰিঘটনাক কল্পনাৰ ৰহণেৰে লেখকে উৎকৃষ্ট সাহিত্যৰ ৰূপ দিবলৈ চেষ্টা কৰে। বাস্তৱ অভিজ্ঞতা এটাক যদি পোনপটীয়াকৈ উল্লেখ কৰা হয় তেতিয়া তাত ৰসৰ অভাৱ দেখা যাব, যিটো সাহিত্যত নাথাকিলে পাঠকে সেই সাহিত্যৰ মাজেৰে হয়তো ভবা মতে আনন্দ নাপাব পাৰে। কিন্তু সেই বাস্তৱ অভিজ্ঞতাটোকে যদি লেখকে কল্পনাৰ ৰহণ সানি সুন্দৰ আৰু পৰিপক্ক ৰূপত পাঠকৰ মাজলৈ মুকলি কৰি দিয়ে তেন্তে সেই সাহিত্যই যে পাঠকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব সেয়া স্বাভাৱিক।

    কল্পনাৰ অৱস্থা দুটা : বিমূৰ্ত আৰু মূৰ্ত। গূঢ়াৰ্থ দিশৰ পৰা চাবলৈ গ'লে কল্পনা হৈছে ব্যক্তি জীৱনৰ অন্তৰৰ এক সামৰ্থ বা ক্ষমতা, যি শক্তিৰ বলত মনত জাগৰিত অনুভূতিক কেন্দ্ৰ কৰি ছবি এখন অংকন কৰি ল'ব পাৰে। নিজৰ ভাব-অনুভূতিক শ্ৰীবৃদ্ধি কৰি সৃষ্টিশীল সাহিত্যৰ জন্ম দিয়াৰ আনুভূতিক প্ৰক্ৰিয়াই কল্পনাৰ কৰ্ষণ। এই কৰ্ষণে কল্পনাপ্ৰৱণ মনটোক ক্ৰিয়াশীল কৰি তোলে। কল্পনাৰ অভিধাৰণ দুটা। এটা সৃষ্টিশীল কল্পনা আৰু আনটো ফেঞ্চি(Fancy) অথবা কল্পনাশক্তি।

     উল্লেখ্য যে, সৃষ্টিশীল সাহিত্য ৰচনাৰ ক্ষেত্ৰত কিছুমান যোগ্যতাৰ প্ৰয়োজন। যিবোৰ অৰ্হতাই ব্যক্তি এজনক লেখক হ'বলৈ কিছু পৰিমাণে হ'লেও যোগ্য কৰি তোলে। সেইবোৰৰ ভিতৰত সৃষ্টিশীল মানসিকতা, কল্পনাপ্ৰৱণতা, ভাষিক পাৰদৰ্শিতা, চিন্তাশীল অধ্যয়নপুষ্ট মন, বাস্তৱিক অভিজ্ঞতা, পৰ্যবেক্ষণ, দৃষ্টিভংগী, অনুকৰণ, পুনৰ লিখন, মৌলিকতা, উপস্থাপন নৈপুণ্যতা, ইচ্ছা প্ৰৱণতা, সামাজিক দায়বদ্ধতা ইত্যাদিয়ে প্ৰধান।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)