দেশ প্ৰেম-বিদ্যুুৎ গগৈ

©Admin
1
পৰিজ্ঞানে ভৰা আমাৰ পোহৰৰ দেশ
সবাতো আপোন এই মমতাৰ দেশ
উত্তৰে পৰ্বতমালা, দক্ষিণে সাগৰ
দেশৰ হঁকে যুঁজি নেলাগে ভাগৰ।

সুকান্ত ভাৰতবৰ্ষ, ৰূপহী অসম
এইখনি মোৰ দেশ সবাতো উত্তম
মোৰ দেশ, মোৰ মাটি নিদিও এৰি
দেশৰ হঁকে যুঁজিম লৰি ধাপৰি।

নিজৰা বৈ যায় হিমালয়ৰ পৰা
এই দেশ মহান মানুহে ভৰা
 কৰিম সদাই দেশক শ্ৰদ্ধা , মৰম
এই দেশৰ গছ-বন সবাৰে মনোৰম।

আঘোনৰ পথাৰত সুৱৰ্ণময় ধান
কʼত যে সুৰীয়া এই দেশৰ গান
এই দেশৰ পশু-পক্ষী সবাৰে মৰমৰ 
এইখনি মোৰ দেশ জন্ম জন্মান্তৰ।



Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

  1. বিদ্যুত নামটো ভূল। শুদ্ধটো বিদ্যুৎ

    ReplyDelete
Post a Comment