চাৰিও দিশে নিমাত
তেনেস্থলত সকলশৰে আছিলো মই..
উজাগৰি নিশাত
নিজকে নিজেই প্ৰশ্ন কৰি।
সেই সময়তে এটি ধ্বনি বাজি আহিল
ভগ্ন পজাঁত থকা বিধৱা মাতৃৰ এটি স্বৰ
আবেগেৰে ভৰা হৃদয়খনক লৈ ভগ্ন স্বৰেৰে মিনতি কৰিছে
পাৰ কৰা হে ৰঘুনাথ সংসাৰৰ সাগৰ
কেতিয়াবা উছুপি উছুপি কান্দিছে..
নিজৰ পানী কেঁচুৱাটিৰ বাবে
কেতিয়াবা বেজাৰত গালি পাৰিছে
অজানিতে এৰি যোৱা নিজ পতিক।
যিটো সময়ত কীট-পতংগই ৰং মনেৰে ইজনে-সিজনৰ লগত কথা পাতে..
সেই সময়তে মাতৃ গৰাকীয়ে উছুপি উছুপি কান্দি আছে।
হয়তো অকণমান মৰমৰ বাবে..
এমুঠি হাঁহিৰ বাবে..
এমুঠি অন্নৰ বাবে..
শুকান সৰাপাতৰ লগত নিজকে তুলনা কৰি বুকু পালি চিঞৰিছে..
তুমি ক'ত আছা অনুৰাগ?
তুমি আছা বাবেই আন কাৰোৰে প্ৰতি নাছিল ৰাগ-বিৰাগ..
উজাগৰি নিজানতো কৰিছিলোঁ বসবাস..
আজি ক'ত আছা তুমি অনুৰাগ।
✍️বনিতা মিলি
একাদশ
মাজুলী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ