মুগ্ধপ্রিয়া - ৰাখী কাশ্যপ

©Admin
0
কাৰ পৰশত ফুলিলি বান্ধৈ?
সুৰৰে পানচৈ !
এজাৰৰ বেজাৰ ফুলিয়া হাঁহিৰ 
সলনি কোনে দিলে আঁকি 
সোণাৰুৰ হালধীয়া হাঁহি। 
কওঁ যদি তুমি মোৰ এজাক হাঁহি বুলি
ল'বানে আঁকোৱালি তোমাৰ 
হৃদয়ৰ সোৱণশীৰি নদী বুলি 
 এজাৰে জানো জানে তোমাৰ কাহিনী
তুমি মোৰ মুগ্ধ প্ৰিয়া বুলি 
তেনেকৈ নক'বা অৰুণিমা 
তুমি সদায়ে ৰৈ যাবা হৈ মোৰ মুগ্ধ প্ৰিয়া।

✍️ৰাখী কাশ্যপ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)