তুমি সঁচাই কিঞ্চিটো
সলনি হোৱা নাই।
ইটোৰ পাছত সিটো কথা কওঁ
তুমি মাথো ৰৈ চাই থাকা।
বহু দিন হ'ল চিঠি দিয়া
তোমাৰ খবৰ পোৱা নাই
মই আৰু তোমাৰ কৃষ্ণচূড়াই
সদায় পথৰ দূৰণিলৈ চাওঁ
ধোৱা চাঙত তোমাৰ বাঁহীটো ক'লা হৈছে
বহু দিন শুনা তুমি বজোঁৱা বাঁহীৰ মাত।
মানুহবোৰে কি কৈছে জানা ?
ভাৰতৰ সৈন্যক পাকিস্তানত দণ্ড দিছে
মৃত্যু দণ্ড!
আৰু, আৰু তাতে হেনো তোমাকো.....
নাই এইবোৰ মিছা কথা, তুমি জানা!
ইহঁতে সকলোৱে মোক পাগলী বুলি কয়
মোক দেখিলে ভয় খায় পলাই
মই হেনো পাগলি ,পাগলী মই।।
✍️ জাহ্নৱী দাস
স্হান: তিনিচুকীয়া
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ