যদিহে সফল হ'বলৈ থাকে মন তেনেহ'লে অলপ হ'লেও ধৰিবা ধৈৰ্য্য । সকলো কাম কৰিবলৈ আমাক প্ৰয়োজন হয় - ধৈৰ্য্যৰ। আপুনি যদি ধৈৰ্য্য ধৰিব পাৰে তেনেহ'লে আপুনি সকলো পাব। যি সকল লোক প্ৰকৃততে সফল তেওঁলোকৰ হে ধৈৰ্য্য ধৰিব পৰা ক্ষমতা থাকে ।কাৰণ সেই সফলতাৰ আঁৰত তেওঁলোকৰ কঠোৰ পৰিশ্ৰম আৰু ধৈৰ্য্য আছিল। আটাইতকৈ কঠিন কাম হ'ল ধৈৰ্য্য ধৰি থাকিব পৰাটোৱে। আপুনি যদি হে ধৈৰ্য্য ধৰিব পাৰে তেনেহ'লে কিন্তু আপোনাৰ নোৱাৰা কাম একো নাই । অকল সফল হ'বৰ কাৰণেই নহয় যিকোনো কাম কৰোঁতে কেৱল ধৈৰ্য্যৰে প্ৰয়োজন ।জীৱনত ভাল কিবা এটা পাবৰ কাৰণে , ভাল কিবা এটা কৰিবৰ কাৰণে কেৱল ধৈৰ্য্যৰে প্ৰয়োজন। ভালবোৰ সদায় অপেক্ষাৰ অন্তত হে আহে । বেঞ্জামিন ফ্ৰেংকলিনে কৈছিল -- যি মানুহৰ ধৈৰ্য্য শক্তি আছে , তেওঁৰ অসাধ্য একোৱে নাই । অৰ্থাৎ বাৰে বাৰে বিফল হোৱাৰ পাছতো ধৈৰ্য্যৰ দ্বাৰা হে সফল হ'ব পাৰিব । কোনোবা এজন মহান দাৰ্শনিকে কৈছিল - সফল হ'বলৈ মন থাকিলে সদায় বিফলতাৰ কাহিনী পঢ়িবা। অৰ্থাৎ বিফলতাৰ কাহিনীৰ দ্বাৰাহে সফলতা প্ৰাপ্তি হয় । আমি ধৈৰ্য্যৰ দ্বাৰা খংঙো নিয়ন্ত্ৰণ কৰিব পাৰোঁ। যি মানুহৰ খং বেছি সেই মানুহৰ ধৈৰ্য্য কম। গতিকে ধৈৰ্য্যৰ দ্বাৰা আমি সকলো কৰিব পাৰোঁ । যিকোনো কামতে মাত্ৰ ধৈৰ্য্য হেৰুৱাব নালাগে। সেই কাৰণেই কয় -- সফলতাৰ আন এক নাম ধৈৰ্য্য ।
✍🏻 সংযুক্তা দত্ত।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ