যেতিয়া বিফল হৈ পৰিছিলো,
তেতিয়া বৰ হতাশ হৈ পৰিছিলো
পুনৰ চেষ্টা কৰিব বিচৰাই নাছিলোঁ।
কিন্তু এতিয়া বুজিছো, অনুভৱ কৰিছো
বিফল হ'লে কেতিয়াও হতাশ হ'ব নালাগে
বিফলতাৰ কাৰণ বিচাৰি
তাৰ পৰাই জ্ঞান আহৰণ কৰি
আগুৱাই গলেহে
এদিন সফলতাৰ দুৱাৰ মুখ দেখিম।
দুখ জীৱনত আহে আৰু আহিবই
দুখৰ সৈতে সংগ্ৰাম কৰি
সকলো দুখ পাহৰি
জীৱনত, আগুৱাই যাবলৈ শিকিছো।
নিজকে বুজাবলৈ লৈছো।
জীৱনত আগুৱাই যাবলৈ
দুখ আৰু বিফলতাৰ সৈতে
সংগ্ৰাম কৰিবলৈ শিকিছো।
মোৰ বিশ্বাস দুখ আৰু বিফলতাৰ সৈতে
যুঁজিবলৈ শিকা
সকলো মানুহ
এদিন সফল হবই।
যদিহে তেওঁৰ আত্মবিশ্বাস
আৰু দৃঢ় মনোবল থাকে।
✍️বিদ্যুৎ গগৈ
সপ্তম শ্ৰেণীৰ ছাত্ৰ
কদম নভঙ্গনীয়া গাওঁ
সুন্দৰ
ReplyDeleteঅতি সুন্দৰ
ReplyDelete