আকাশৰ তলত
মাটিৰ ওপৰত ৰৈ
ৰচিছো হেজাৰ সপোন ।
মোৰ মন প্ৰকৃতিৰ
নিচেই আপোন
পুৰণ হ'বনে মোৰ এই সপোন ।
জুই শালৰ কাষত বহি
মোৰ মূৰটো মোহাৰি মায়ে কয়
উৰনীয়া মন লৈ সপোন নৰচিবা ।
শান্তি,নিশ্চল, ধৰ্য্য, এক মনৰ হৈ
ৰচিবা এটি ধুনীয়া সপোন
নিশ্চয় পুৰণ হ'ব
তোমাৰ সেই সপোন।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ