নিজক চাবা,
নিজৰ শেঁতা পৰা
মুখখনেৰে দাপোণখনলৈ চাই
এবাৰ হাঁহি দিয়া।
দিনটোৰ ব্যস্ততাৰ লগৰী
হ'বলৈ কোনো নাই,
কিন্তু , দাপোণখনত
দিনটোৰ এবাৰত নিজক চাবা।
পাৰিলে দাপোণখনত থকা
নিজৰ প্ৰতিবিম্বটোকে সুধিবা
ভালে আছ নে তই?
নিজৰ মনৰ কথাবোৰ
দাপোন খনক ক'বা,
হয়তো সিয়ে এদিন তোমাৰ
আনন্দৰ লগৰী হ'ব।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ