এনেকুৱা এজাক মুষলধাৰ বৰষুণ ,
য'ত দুয়ো তিতি বুৰি জুৰুলি জুপুৰি হৈছিলোঁ ।
নিৰ্লজ্জ বৰষুণ জাকে
আমাক স্পৰ্শ কৰাৰ বাসনাত
অধিক চঞ্চল হৈ পৰিছিল ।
শৰতৰ শেৱালী ফুলীয়া দিনবোৰ ত
তুমি তুমি লগা শেৱালী সুৱাসে
অধিক চঞ্চল কৰি তুলিছিল ,
শৰতৰ কুঁৱলী সনা সন্ধিয়া বোৰে
চঞ্চল হৈ পৰিছিল ।
আমাৰ প্ৰণয় নামৰ উপন্যাসৰ পৃষ্ঠা লুটিয়াই
নৈৰ পাৰৰ কহুৱা ডৰাই ।
বতাহচাটিৰ পৰশত হালি- জালি
আমাৰ প্ৰণয় যুগমীয়া হোৱাৰ আশীৰ্বাদ কৰিছিল ,
জোনাকী জাকে আমাৰ প্ৰণয়ক সম্ভাষণ
জনাই চৌদিশে পোহৰৰ উৎসৱ পাতিছিল ।
ফাগুনৰ পলাশৰ ৰঙা আৱিৰ বোৰেও
আমাৰ প্ৰণয় ক আৱিৰৰ ৰঙা ৰে উষ্ম আদৰণি জনাইছিল।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ