তুমি আহিবা বুলি-দিপশিখা ৰাজকোঁৱৰ

@admin
0
আজি তুমি মোৰ কাষত নাই 
মোক অকলশৰীয়া কৰি 
উভতি নহাৰ পথেৰে গুছি গলা 
এদিন তুমি প্ৰতিশ্ৰুতি দিছিলা 
মোৰ লগতেই থাকিম বুলি কৈছিলা।
যোৱাৰ সময়ত এবাৰো মোক 
মৰমৰ মাত এষাৰ দি নগ'লা 
তুমি বৰ অভিমান কৰিলা 
মোতকৈও বেছি অভিমান
 কিন্তু কিয় এবাৰো নাভাবিলা 
তোমাৰ অবিহনে জানো 
তোমাৰ কথা নভবাকৈ 
শান্তিত থাকিব পাৰিম ।
 যাওঁ বুলিয়েই গুছি গলা 
স্মৃতিৰ সঁফুৰাত কাহিনী এৰি 
সেই জীয়া কাহিনীবোৰ জানো 
কেতিয়াবা সামৰি থব পাৰিম 
কেতিয়াও নোৱাৰোঁ দেউতা।
বহুতে মোক প্ৰশ্ন কৰে জানা 
আৰু তুমি জানানে দেউতা 
সেই প্ৰশ্নৰ উত্তৰ মই দিব নোৱাৰোঁ 
দুচকুৰ অশ্ৰুৱে সকলো পাহৰাই।
কিয় গুছি গলা অ দেউতা 
কোন বাটে গুছি গলা দেউতা 
এবাৰ কাষলৈ আহানা দেউতা
তোমাৰ হাতৰ পৰশে উমলাই দিয়াহি 
অভিমানী হৃদয়ৰ স্পন্দন 
এবাৰ শুনি যোৱাহি ।
তোমাক বিচাৰি হাহাকাৰ 
তোমাৰ অভিমানী মইজনী
হৃদয়ৰ প্ৰতিটো কোণতে 
তোমাক জীয়াই ৰাখিছোঁ দেউতা
অভিমান কৰি আজিও 
ৰৈ আছোঁ তুমি আহিবা বুলি।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)