নষ্ট কবিৰ ভাষাৰে- ধৰণী চেতিয়া

@admin
0
তুমি নুসুধিবা মিছ দুৱৰা 
এই নষ্ট কবিৰ ঠিকনা
নুসুধিবা বীৰ গাথা 
আৰু নুসুধিবা 
 নষ্ট কবিৰ সংজ্ঞা
তুমিটো বুজা মিছ দুৱৰা 
নষ্ট কবিৰ অখ্যাত ঠিকনা ।
তুমিটো জানা 
নষ্ট কবিৰ সমাধি হ'ল 
আৰু কি জানিবা
থাকিল কি জানিব 
মিছ দুৱৰা,,,,,,
মাফ! কৰিবা মিছ দুৱৰা 
আৰু কিছু দিন , কিছু পল 
  অব্যাহতি অব্যাহতি অব্যাহতি 
তৎসত্বেও উপলব্ধ নহয় 
এই অখ্যাত কবি,,,,, 
সমাগত নিশ্চিত প্ৰতিবাদ ।
কুশলে থাকিবা মিছ দুৱৰা 
আপেক্ষিছো কিছু দিন, কিছু পল
এই নষ্ট কবি এতিয়া 
বিষয় বিকলত আতুৰ 
মিছ দুৱৰা ____
যদি কওঁ,,,,
নষ্ট কবিৰ ভাষাৰে 
শুনিবানে মিছ দুৱৰা 
ক্ষত-বিক্ষত হোৱা 
এই অখ্যাত কবিৰ 
বিষাদ-বেদনা,,,,
অশ্ৰুঞ্জলি অৰ্পিলো 
কোনোবা কালে কোনোবা দিনে 
থৈ যাব পাৰোঁ এই নষ্ট কবিৰ 
ইতিহাস বিজয়ী 
গুণ-গৰিমা প্ৰসাৰি ।
নষ্ট কবিৰ সমাধি পাতি
কালৰ কুটিল গতিত উটুৱায় দিওঁ 
শৌৰ্য বীর্য্য ভাৰতৰ যশ-মান-কীৰ্তি।
"যি নাই পুৰাণত সি নাই ভাৰতত "
এই বাণীকে সাৰোগত কৰি 
গায় গ'ল কত মহা মনিষি জ্যোতিষীয়ে 
নব্য-প্ৰাচ্যৰ দশোদিশ উদ্ভাখিত কৰি 
ভাৰতৰ জগতৰ কীৰ্তি বখানি মহা জয়গান।
সঁচাকৈ এই কবি এক অখ্যাত কবি 
কালৰ কুটিল গতিত 
যাঃ গ'ল এই নষ্ট কবিৰ 
ভাৰসাম্যতা 
এই কংক্ৰীটময় চহৰৰ 
অলিয়ে-গলিয়ে 
ভাসমান ভাসমান 
নষ্ট কবিৰ জৰ্জয় মৰ্ময়।


Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)