বজ্ৰ মুঠিৰ নিনাদেৰে বোৱাই দে
তোৰ কলিজাৰ তেজ,
নামি আহক বুকুৱেদি
প্ৰিয় স্বাধীনতা তোৰ ।
দেখিছনে তোৰ ঘৰৰ সন্মুখৰ পথাৰ খনত
পৰি থকা মুক্তিকামী সেনানীৰ কেঁছা তেজৰ চেকুৰাবোৰ,
দেখিছনে তেজেৰে লুতুৰি-পুতুৰি হোৱা
তৰুণ তৰুণীৰ পুৰঠ যৌৱনবোৰ !
সাতোৰঙীন ভৱিষ্ফতৰ বাবে
কঠিন বাস্তৱক সাবটি লোৱা....
দেখিছনে মুক্তিকামী তেজাল ডেকাবোৰ !
শুনিছনে তই সেই দুৰ্ভগীয়া জনতাৰ যন্ত্ৰণাৰ চিঞৰ,
য'ত প্ৰতিধ্বনি হয় ধৰ্ষিতা জননীৰ
মৰ্মান্তিক কাহিনী ।
শুনিছনে তই সেই পাখী ভঙা
বিহগীৰ কৰুণ বিননী ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ