পূজাৰ আনন্দ আৰু বিষাদ-দেৱাংগনা কলিতা

©Admin
0
নানা ৰঙৰ বেলুন আৰু
আতক ধুনীয়া কৈ সজাই তোলা মণ্ডপৰ দৃশ্য আইক সজাই তোলা
ৰূপসয্যা যেন মায়া ময় পৃথিৱী।
আনন্দত  অপাৰ কণ কণ মইনা বৃদ্ধ বণিতা।
চাৰিও কাষৰ দোকান আৰু মানুহৰ ভিৰ ভিৰ ফালি ওলাই অহা 
সুকিয়া আনন্দ লগতে ঢাকৰ মধুৰ গুণজ্ঞন
হেঁপাহ পূজা মিঠাই  কাপোৰ
জেলেপীৰ সোৱাদ যে আৰু দুগুণ।
মাত্ৰ মনত এটি বেজাৰ লাগে
মাৰ আগত দিব বুলি বান্ধি ৰখা সহস্ৰ জীৱ জন্তু দেখিলে
সিহঁতৰ কি দুখ যেন সিহঁতক
বলি দি মাৰ আৰ্শীবাদ বিচাৰোঁ
সিহঁতৰো এটি জীৱন আছে সংসাৰ আছে
সিহঁতৰো যে আত্মা প্ৰাণ আছে
সিহততো যে ঈশ্বৰৰ অংশ বিৰাজমান
তেনেহ'লে কোন হতে আমি
খাবৰ বাবে বা মাক দিবৰ বাবে এই পশুধনক কৰো হত্যা।
মাক আমি পূজা কৰোঁ
ধূপ ধূণা ফুল চন্দনৰে এইয়াই
মাৰ বাবে যথেষ্ট নহয়‌ নে
কাৰণ মা দূৰ্গা ও যে জগতত জাননী তেওঁ মাতৃ কেনেকৈ এই দুখৰ হ'ব সমভাগি।
মাক আমি পুঁজিব লাগে
জীৱৰ কল্যাণৰ বাবে
তেনে হ'লে আন জীৱক
হত্যা কৰি কেনেকৈ নিজৰ সুখ শান্তি বিচাৰিব পাৰে
এইয়াই নি মানুহ ৰ চিন্তা দৰ্শন
মাক আমি আন বস্তুৰে 
ফল মূলে পুঁজিব নোৱাৰোনে
মা তো ভক্তৰ অন্তৰ কথা তেওঁ  সকলো জানে।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)